গুছি যাওঁ নেকি এই পৃথিৱীৰ মায়া মোহ এৰি ৷
কাৰোৰে হৃদয় দেখোন জয় কৰিব নোৱাৰিলোঁ
সকলো নিজক পৰিচাৰ্যতেই অটল
নুবুজে হৃদয়ৰ ভাষাৰ মৰম আৰু ভালপোৱা
উস্ কি যে যন্ত্ৰণা !
আবেগৰ চকুলো সৰি নিমিষতে জুৰুলি জুপুৰি হই হিয়াৰ পঁজাটি
কিয় দিলা মোক মিছা আশা ...
এতিয়া মোৰ হৃদয়ৰ যন্ত্ৰণাবোৰ কাক কেনেকৈ কওঁ
কোনে বাৰু বুজি পাব ।
হে অন্তয্যামী লৈ যোৱা মোৰ মনৰ বতৰা
কৈ দিয়াগৈ কাণে কাণে !
মই চৰণতে পৰি কান্দিলেও তেওঁ ওলটি নাহে মোৰ হৃদয় চুবলৈ।
কিয় এনে হয় ?
নিৰবে আজি মোৰ চকুলো বয়
কেনেকৈ লভিম বাৰু সান্ত্বনা
কাবৌ কৰিছোঁ তথাপি নুবুজে হৃদয়ৰ বেথা ।
অস্হিৰ হৈছে মন হৃদয়ৰ যন্ত্ৰণাত
মনটোৰ আজি সলিল সমাধি
কলিজাৰ জীয়া ঢৌ তোলপাৰ সহিব নোৱাৰি
মনত যে কিমান উঠিছে কঁপনি ।
আঁহাচোন সোণ মোৰ কাষলৈ এবাৰ
কাবৌ কৰিছোঁ ...
চাব খোজো মুখনি তোমাৰ।
📝 ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ