ৰাতি আকাশ জিক মিকাই ,
জুন বেলি তৰাৰ পোহৰত ।
পোহৰে নাজানে আন্ধাৰ কি ,
আন্ধাৰে বুজে পোহৰ মূল্য ।
গভীৰ হিদয় , গভীৰ আকাশ ,
পোহৰ বিনে মাথো নিৰাশ ।
মায়া সনা জীৱন যুজঁত ,
পোহৰ অতি মূল্য সম্পদ ।
কোমল হোৱা কঠিন হিদয় ,
পোহৰ অভাৱত থুনুকা হয় ।
পোহৰে আৱৰিব যেতিয়া চাৰি সীমা
জীৱন ৰঙিন হব তেতিয়া ।
📝শ্ৰীমতী ৰিমকি চুতীয়া
ধেমাজি , চিচিবৰগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ