তফাৎ

©Admin
0

 
 জেঠ মহীয়া প্ৰখৰ ৰ'দ, পথাৰৰ পৰা আহি বুধুৱে ৰমাক চিঞৰিলে " অ' ৰাণীৰ মা পানী এগিলাচ দিয়া।" 
ৰাণী হ'ল বুধু আৰু ৰমাৰ একমাত্ৰ সন্তান । খেতি বাতি কৰি কোনোমতে তেওঁলোকৰ পৰিয়াল চলি আছে। ৰাণী দেখাত চুটি চাপৰ ,ক্ষীণ‌ ও বৰণত মিঠা। চুটি চাপৰ হোৱা বাবে ৰাণীক ২০ বছৰীয়া ছোৱালীৰ দৰে দেখাত নালাগে । ৰমাই পানী গিলাচ আনি বুধুক দি কলে, "শুনিছে ঘৰত একো চব্জী নাই বজাৰলৈ নাজায় নেকি?"।
"নাই অ' আজি কঠিয়াতলীত বহুত কাম আছে"- বুধুৱে নচাৎ কৰি উত্তৰ দিলে, "যায় যদি ৰাণীকে পঠিয়াই দিয়া‌ঁ ।" 
     আজি বুধবাৰ , গাওঁত একমাত্ৰ সপ্তাহিক বজাৰ ।বুধুৰ পথাৰৰ কাম থকা বাবে ৰাণীয়ে বজাৰলৈ যাবলৈ ওলাল । ৰাণী বজাৰ পালেগৈ দুই এটা পাচলী লৈ গেলামাল দোকানৰ আগত ৰ'ল । এজন লোক আহি তাইক উদেশ‍্যি কৈছে " অই ছোৱালী চাইড দে , নঞ্চেচ খোপা খালি আগে আগে হয় থাকে"। তাই মনে মনে আতৰ হৈ থিয় হৈ ৰ'ল।  তেনেতে তাইৰ চকুত পৰিল তাইক দিয়া চয়াবিনৰ পেকেট তোৰ ম‍্যাদ উকলি গৈছে ।
 "দোকানী দাদা এইটোৰ দেখোন দেট পাৰ হৈ গ'ল "- তাই কলে । 
"নাই একো নহয়"- ব‍্যপাৰী জনে কলে ।
"নাই দাদা এনে বোৰ বস্তু খালে মানুহ বেমাৰত পৰিব"- ৰাণীৰ উত্তৰ । 
"এ লবৰ আছে ল নহলে নাই । কত' মানুহে খাই আছে মৰা নাই , তহঁতিও নমৰ"- ব‍্যপাৰিয়ে মন্তব‍্য দিলে। "তহঁতি পঢ়া শুনা কৰিলে বুজি পাবি ,এইবোৰ দুই এটা শিকি নিজকে পণ্ডিত ভাবি লও" -ইতিকিং কৰি ব‍্যপাৰীয়ে পুনৰ কয় । 
ৰাণীয়ে কিবা কোৱাৰ আগতে অন‍্য গ্ৰাহক জনে কেৰাহীকৈ চাই কয় " ইহঁত এইবোৰ খোৱাৰে যোগ‍্য, মোক অলপ চাই দিবা দেই । "
ব‍্যপাৰী জনে কামলা জনক চিঞৰিলে "দাদাক নতুন বস্তাৰ পৰা দুই পেকেট ওলাই দে।"
   ৰাণী একো নকয় তাৰ পৰা আহিল। মানুহৰ চকু আৰু মগজুত ইমান তফাৎ কিহৰ?  । 'মোক চাই দিবা দেই' আৰু 'নতুন বস্তাৰ পৰা ওলাই দে, এই দুটা বাক‍্য‌ই তাইৰ মন মগজুত আমনিৰ সৃষ্টি কৰিছে। এনেকে ভাবি তাই ঘৰমুৱা হল । ঘৰলৈ আহি তাইৰ দুধাৰে চকুলো বব' ধৰিলে যেতিয়া তাই নিজৰ ডিষ্টিংচন , লেটাৰ মাৰ্কছ পোৱা চাৰ্টিফিকেট বোৰ চকুত পৰিল ।

  ✍️নবীন চন্দ্ৰ কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)