মোৰ মন যায়

©Admin
0
মোৰ মন যায় 
ডাক্তৰ হবলৈ
ৰোগীক বেজি দিবলৈ ৷
মোৰ মন যায়
শিক্ষক হবলৈ
ছাত্ৰ ছাত্ৰীক চিটিকনী দিবলৈ ৷
মোৰ মন যায়
মন্ত্ৰী হবলৈ
সমাজৰ উন্নয়ন কৰিবলৈ ৷
মোৰ মন যায় পুলিচ হবলৈ
চোৰ ডকাইতবোৰক
 খেদি খেদি ধৰিবলৈ ৷
মোৰ মন যায়
এজন আদৰ্শ কৃষক হবলৈ
সমাজৰ পৰা সন্মান বুটলিবলৈ ৷
মোৰ মন যায়
এজন সাংবাদিক হবলৈ
সমাজৰ দুৰ্নীতি উদঙাবলৈ ৷

📝মহেন শইকীয়া 
প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)