উৰণীয়া মনক বান্ধো কেনেকৈ ?
জানিও নজনা বুজিও নুবুজা !
কিয় বাৰু অভিমান কৰা ;
সচাঁ ভাল পোৱাক গছকি ফেনেকী ;
আতৰি গুচি যাব খোজা ।
অভিমান কৰা জানিও নজনা হোৱা !
কিয় এৰি যাব খোজা ?
ভাল পোৱা কি এনেকুৱা ;
সময়ত এৰি যোৱা ,
সচাঁ মনৰ ভাল পোৱাক ;
জানিও অবূজন হোৱা ।
অভিমানী মনক কেনেকৈ বুজাও ?
উৰণীয়া মনক কেনেকৈ ৰখাও ?
মনে বিছাৰে তোমাক কাষত ,
অভিমান নকৰিবা সচাঁ মৰমক ,
নোৱাৰে থাকিব তোমাৰ পৰা দুৰে ,
মোৰ হিদয়ে মাথোঁ তোমাক বিছাৰে ।
📝শ্ৰীমতী ৰিমকি চুতীয়া ( ধেমাজি , চিচিবৰগাওঁ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ