বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ,অনুসন্ধান - ০১

©Admin
0
বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য কি ? কি আমি বাস কৰা পৃথিৱীখনৰ বাহিৰে অন্য বেলেগ জীৱনধাৰী গ্ৰহ ব্ৰহ্মাণ্ডত আছে নেকি ? এনেধৰণৰ বহুতো প্ৰশ্ন আমাৰ মনত উদ্ভৱ হয় ৷ আমি সৰুৰে পৰাই শুনি আহিছোঁ যে আঠটা গ্ৰহক লৈ সূৰ্য্যক কেন্দ্ৰ কৰি সৌৰজগত গঠিত হৈছে ৷ এই গোটেই কেইটা গ্ৰহ নিজনিজ কক্ষপথত থাকি সূৰ্য্যৰ চাৰিওপিনে প্ৰদৰ্শন কৰে আকৌ গ্ৰহকেইটাৰ নিজা নিজা উপগ্ৰহও আছে , উপগ্ৰহবোৰে গ্ৰহৰ চাৰিওপিনে একাদিক্ৰমে ঘূৰি থাকে উদাহৰণস্বৰূপে - পৃথিৱী সূৰ্য্যৰ চাৰিওপিনে পৰিভ্ৰমণ কৰে ঠিক তেনেকৈ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰই পৃথিৱীৰ চাৰিওপিনে ঘূৰি থাকে ৷ 

এতিয়া প্ৰশ্ন হ'ল পৃথিৱীৰ দৰে অন্য বেলেগ জীৱনধাৰী গ্ৰহ আছে নেকি ? ২০১৬ চনত নাছাৰ বৈজ্ঞানিকসকলে টেলিস্কোপৰ সহায়ত অনুসন্ধান চলাই  আৰু আমাৰ সৌৰজগতৰপৰা ১২,৫ আলোকবৰ্ষ দূৰত টিগাৰ্ডেন স্টাৰ বিচাৰি উলিয়াই ৷
যিটো ঠাণ্ডা আৰু  ৰঙা সৰু তৰা বৈজ্ঞানিক লেখিলো ইগ্নাসী ৰেবাসৰ মতে " টিগাৰ্ডেন আমাৰ সূৰ্য্যতকৈ মাত্ৰ আঠ শতাংশহে দৃশ্যমান হয় , সূৰ্য্যৰ তুলনাত ই বহুত সৰু আৰু জিলিকনি বহুত কম, তেখেতে কয় যে " আচৰ্য্যজনক কথা এই যে  ই সূৰ্য্যৰ নিকটতমত থাকিও এতিয়ালৈকে ইয়াৰ অনুসন্ধান হোৱা নাই ,সূৰ্য্যতকৈ দহগুণ সৰু হোৱাৰ বাবে ইয়াৰ শক্তিও পোন্ধৰশ গুণ কম ৷ 
                আগলৈ            

   📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)