ফুলৰ পৃথিৱী

Rinku Rajowar
0
ফুলক ভাল পাওঁ
ফুলত ডুবি থাকে মন ।

অযুত আনন্দ
ফুলৰ মাজত পাওঁ ।

কলিজাতো শুকাই গলেওঁ
ফুলবােৰ বাচি থাকক ।

ফুলৰ 
সুন্দৰ অনুভৱবােৰৰ
মাজত নিৰিবিলি গধূলিতো
পান কৰিবলৈ দিয়া ।

যিমান সৌন্দৰ্য্য
ফুলত আছে
ঢালি দিয়া এপিয়লা অনুভৱ ।

ফুলৰ সৌন্দৰ্য্য
পিপাসু মন
ফুলতেই 
উশাহ লওঁ
নিশাহো ফুলতেই
স্বৰ্গীয় অনুভৱ 
হৃদয়ত ।

নিজতকৈয়ো
ভাল পাওঁ
ফুলৰ জগতখন,
মনমােৰ শুই থাকে
ফুলৰ পাপৰিৰ মাজত ।

ফুলৰ
নন্দন কানন
সজালো
য'ত ফুলৰ সুবাসে
ধোৱে মন মােৰ ।

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)