কৃষিভিত্তিক লোক উৎসৱ বাইখো -০৭

Rinku Rajowar
0

( যোৱা সংখ্যাৰ পিছৰ পৰা)
    এওঁলোকক চুত্ লা চুত্ লি বুলি জনা যায় | চুত্ লা চুত্ লিয়ে মূৰত পাগুৰি মাৰি ৰঙা কাপোৰ পৰিধান কৰে | প্ৰায় দহ বাৰহাত দীঘল কাপোৰ মূৰত বান্ধি কাণৰ দুয়োফালে কাপোৰৰ কাপোৰৰ আঁচল দুটা কাণৰ দৰে দীঘলকৈ ওলোমাই লয় | ঘৰৰ মাজ মজিয়াত থাপনা পাতি চাকি এগছি জ্বলাই বাইখো দেৱীৰ নামত মদ আৰু প্ৰসাদ আগবঢ়ায় | থাপনাৰ চাৰিকোণত চাৰিজন বায়ন থিয় হয় | এওঁলোকে খাম বজায় | চুত্ লা চুত্ লিয়ে খামৰ তালে তালে নাচে | গীতালি দুদনে হৈ মাৰু গীতৰ আৰম্ভণী কৰে |
       হৈ মাৰু গীতৰ লগত আধ্যত্মিক ভাৱ এটি জড়িত হৈ আছে | এই গীত গাওঁতে পবিত্ৰতাৰ প্ৰতি বেছি মনোনিবেশ কৰা হয় | বাইখো পৰবৰ বাহিৰে বেলেগ সময়ত হৈ মাৰু গীত পৰিবেশন কৰাটো নিষিদ্ধ | পৰম্পৰাগত ভাবে বিশ্বাস এটা চলি আহিছে যে হৈ মাৰু গীত লিখোতা আৰু কওঁতাজনৰ মৃত্যু হয় | সেয়েহে ইয়াক মুখস্থ কৰি শুনি শিকিব লাগে | হৈ মাৰু গীত ডেকা গাভৰুৱে গোৱাটো নিষিদ্ধ  |
   ঘৰৰ ভিতৰত যেতিয়া হৈ মাৰু নৃত্য চলি থাকে তেতিয়া চোতালত ডেকা গাভৰুৰ নৃত্য-গীত আৰম্ভ হয় | বিশেষকৈ এই নৃত্যগীতবোৰ যৌন আবেদনময়ী | এই নৃত্যবোৰে ডেকা গাভৰুৰ মিলনকে প্ৰতিফলিত কৰে | এনে গীতবোৰক সাধাৰণতে ছাথাৰ বুলি কোৱা হয় | আগলৈ 

  📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)