মৌনতা

©Admin
0

নিজান, নিমাত,নিস্তব্ধ
পৰিৱেশ।
ৰাতিও বহুপৰ হল
সাৰে আছোঁ মাথোঁ 
মই আৰু মোৰ সপোনবোৰ
হাতত কলমটো লৈ।
বাহিৰত উজ্জ্বল জোনটিয়ে
চাৰিওদিশ আলোকিত 
কৰি ৰাখিছে।
মৃদু মৃদু বতাহ ত
শেৱালিয়ে সুগন্ধিকৰ
সুবাস বিলাইছে চৌদিশে।
জোনাকী পৰুৱায়ে জোনৰ
পোহৰ ক কত্যাক্ষ
কৰি বিচৰণ কৰি ফুৰিছে।
জিৰ জিৰ জিৰ
শব্দ হৈ আছে মাথোঁ 
চিফুংৰ।
হাতত কলমটো লৈ
উকা কাগজত
লিখি গলোঁ মোৰ
মৌন ভাষা আৰু সপোনবোৰ ,
মৌনতাৰ ,,।
শিখা ৰ আলোকৰ মাজতে
হঠাৎ হাতৰ কলমটো
থমকি ৰৈ যাব ধৰিলে,
শিখা ডালো 
নুমাব ধৰিলে।
এতিয়া সকলো
 মৌনতা....।

📝নাৰায়ন বৰা 
লংকা কাকী ৩
জিলা: হোজাই (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)