ক'ৰণা তুমি মমতাহীন

©Admin
0
আজি নিস্তদ্ধ ৰাজপথ
জনশূণ্য নগৰ-চহৰ
চৌদিশে উঠিছে কেবল 
মৃত্যুৰ খলকনি ।

মমতাহীন ক'ৰণা তুমি
চলাইছা মৃত্যুৰ তাণ্ডৱ 
নাই তোমাৰ অলপো দয়া মমতা ৷


সহশ্ৰ জনতাৰ প্ৰাণ কাঢ়ি
 কিয় তুমি পলকতে
বিশ্বধংসী হৈ পৰিছা ।

আজি বিশ্ববাসী কান্দিছে 
কেৱল তোমাৰ ভয়ত
তথাপিও কিয় তুমি শান্ত নোহোৱা।


পাষণ্ড ক'ৰণা তুমি
বিশ্ববাসীক ঘৰত বন্দী কৰি
কিয় তুমি মৃত্যুৰ খেলা খেলিছা ।

         
 📝 কমল কৰ্মকাৰ
   হালমাৰি , ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)