আইতাৰ কথা
বচৰৰ মাহবোৰত
কিছু কিছু বস্তু খাবি ৷
দেহাৰ শান্তিৰ বাবে
মাহৰ বস্তু
মাহত খাবি ৷
ভাদত ওল খাবি
আহিনত কল
দেহৰ বলৰ বাবে
কাতিত কচু ৷
গুৰু গোসাঁইবোৰ
বাকচত থলো
উভটগোৰে নাচিলো
অসময়ত বাৰিষা হ'ল ৷
বাদুলীৰ মুখত
কলঠোক ওলমি ৰ'ল ৷
শিয়ালে গাঁতৰ কচু
খাব পৰা হলত
ককাল ভাঙোতে
দিনত হোৱা দিয়া হ'ল ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ