লেকেচিয়া সপোন

©Admin
0
লহপহকৈ বাঢ়ি অহা
মোৰ হৃদয়ৰ
সেউজীয়া সপোন বোৰ
হঠাৎ আজি কেনিবা
আঁতৰি গ'ল
জোনাক ৰাতি
শব্দৰ বৰষুণত তিতি বুৰি
বিচাৰি ফুৰিছো মই 
সন্ধান পোৱা নাই 
বাউলি ব'তাহ জাকে মোক
কাণে কাণে কৈ যায়
আহিনৰ সেউজীয়া 
গাভৰু পথাৰখনৰ বুকুত
নকৈ গজালি মেলিছে তোমাৰ
সেউজীয়া হৃদয়ৰ
লেকেচিয়া সপোন বোৰ ৷
যোৱা বুটলি আনা গৈ
তেজস্বিতা থকা অৱস্থাত ৷
নিবিড় জোনাক ৰাতি
দুটি নয়নত আঁকি লোৱা
তোমাৰ দীপ্তি ৷
তেহে নিগাজি হ'ব
লহপহলৈ বাঢ়ি অহা
তোমাৰ বুকুৰ সেউজীয়া
সপোন বোৰ ৷


📝বিনিতা বৰা
হোজাই জিলা
লংকা কাকী-৩


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)