আধৰুৱা প্ৰেম কাহিনী - মিঃ ৰাজুৰ প্ৰেমৰ শুভাৰম্ভনী ,খণ্ড-১১

©Admin
0

দিবাকৰে ক'লে অতিৰ কথাক লৈ দুখ নকৰিব " দিবাকৰৰ দেউতাই ক'লে মানুহৰ জীৱনত প্ৰথম প্ৰেম সফল নহয় এয়া এক চিৰ সত্য কথা কাৰণ মোৰ জীৱনতো তেনেকুৱাই হৈছিল "দিবাকৰে উৎসাহী হৈ ক'লে " দেউতা কওক না আপোনাৰ প্ৰেম কাহিনী " সত্যমেও দিবাকৰৰ কথাত হয়ভৰ দিলে ৷মিঃ ৰাজুৱে দীঘলীয়া উশাহ টানি ক'লে ঠিক আছে তেনেহলে শুনা সিদিনা কৰম পৰৱ আছিল -

নিশা মোৰ ঘড়ীৰত দহটা বাজিছে মই আখৰাৰ পৰা ওলাই আহিলো লগৰকেইটাই ক'লে বলা ঘৰৰ পৰা ভাত খাই আহোগৈ তেতিয়া মই চফল ডেকা চাইকেল লৈ ঘৰলৈ বুলি ওলালো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিজান মাথোঁ মালবাহী ট্ৰাক আৰু নাইটচুপাৰ গাড়ীৰ আহযাহ চলি আছে মোৰ লগৰকেইটা ইতিমধ্যে নিজৰ নিজৰ ঘৰত সোমালহি মই পেডেল মাৰি মাৰি গৈ আছো এনেতে ৰাস্তাৰ দাঁতিত কোনোবা পৰি থকা দেখি পাই চাইকেলখন ওচৰতে থৈ টৰ্চ মাৰি দেখাে এজনী গাভৰু ছোৱালী ঝুমইৰ ড্ৰেছত পৰি বেহুচ হৈ আছে মই ততালিকে চাইকেলত তুলি হাস্পতাল পোৱালোগৈ ডাক্তৰে তাইক ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা কৰিলে ৷ সিদিনা মই কৰম পৰৱৰ কথা পাহৰি হাস্পতালতে ওৰে নিশা কটালোঁ ৷


ৰাতিপুৱা ছয় মান বাজিছে ডাক্তৰে আহি ক'লে " ডা পেচেণ্ট ইজ আউট অফ ডেঞ্জাৰ হুচ আহিলে লগ কৰিব পাৰে " কথাটো শুনি মোৰ মনটো ফৰকাল হ'ল লগেলগে মই ছোৱালীজনীৰ কাষ পালোগৈ ছোৱালীজনীয়ে মোলৈ একেৰাহে চাবলৈ ধৰিলে মইয়ো তাইলৈ চাই ৰ'লো ৷

              আগলৈ

📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)