চ'তৰ শেষত বৰদৈ চিলায়ে
মুহি নিলে সকলোৰে জান;
বহাগৰ বতৰা সোমোৱাৰ লগতে
পালে সকলোৱে প্ৰাণ।
গছে পাত সলালে কুঁহিপাত ওলালে
কপৌফুল ফুলিলে আমৰ ডালত;
বিহু কুঁৱৰী ক কোনোৱে আহি ৰং
সানি দিলে নিমজ গালত।
অম্র কানন ত কলীয়া কুলিয়ে
লগালে এষাৰ মাত;
কেতেকী চৰায়েও জুৰিলে বিহু গীত
যেন অমাতৰ মাত।
প্ৰকৃতিৰ ভূমিত সেউজীয়া বননি
সলালে মানুহৰ মন;
পুষ্প কানন ত পখিলাই নাচিছে
যেন বিতোপন।
ৰাতিপুৱা উঠি বিভিন্ন চৰাইয়ে
জুৰিলে স্তুতি গীত;
সবে উঠি পৰিষ্কাৰ গাতিৰে
পুনৰ গালে স্তুতি গীত।
বহাগৰ বিহুত পুৰিছে পিঠাপনা
আৰু বনাইছে লাৰু;
বিহু কুৱঁৰি ক আদৰিছে আ-অলংকাৰে
কেৰুমণি আৰু মুঠি খাৰু।
বহাগৰ শেষত যাবলৈ বুলি
কুলীজনীয়ে সকলোকে কলে;
বিভিন্ন চৰাইয়ে সাৱতি ধৰি
আৰু নিচুকিলে।
কেতেকী চৰাইয়ে ও যাবলৈ ওলাল
কুলি জনীক লগত লৈ;
দুয়োৱে হাতজুৰি প্ৰণাম কৰি
উৰা মাৰিলে আকাশলৈ।
ৰিম জিম কৰি পৰিছে বৰষুণ
ধুইছে মানুহৰ মন;
লগ পাহকৰে উঠিছে জগত খনি
আনন্দত নধৰে মন।
বাৰিষাৰ বৰষুণত পানীৰে উপচিছে
খাল বিল পুখুৰী জান;
গছ লটিকাই শিহৰি উঠিল
পালে নতুন জীৱন দান।
পুষ্প কানন ত পখিলা জনীয়ে
বিলাইছে ৰেণুধাৰী;
ভোমোৰাই য়ো আহি পৰিছেহি ফুলনিত
দিলেহি দেশৰ বাতৰি।
আকাশত মেঘে মাৰিছে গাজনি
ভেকুলিয়ে লগালে মাত;
কঁপিছে ধৰণী লৰিছে জগত খনি
পৰোতে বজ্ৰপাত।
জোনটিয়ে দিলে ৰাতিৰ পোহৰ
সলিতা গছি জ্বলাই;
ৰাতিপুৱাৰ লগতে নুমাইছে
জ্বলোৱাৰ নাই আৰু যে উপায়।
আবেলিৰ ৰামধেনু উলমিছে আকাশত
চাইছে সকলোৱে থৰ লাগি;
ৰং বিৰঙে পৰিছে পূৰ্ণ হৈ
জিলিকিছে ৰং লাগি।
গধূলি হোৱাত সবে
বেগা বেগী ঘূৰিছে ঘৰত ;
সবে কতাব নিজম ৰাতিটো
মুকলি আকাশৰ তলত।
ৰাতিৰ ভাগত ওলাইছে বুটা তৰা
আৰু ওলাইছে জোন;
ৰাতিটো ভৰিছে জোনাকী পৰুৱা ৰে
ৰাতিটো হল চিকুণ।
শেষ নিশা ত লাগিছে ভাগৰ
পাৰিলে সবে ঢাৰি পাতি;
পাতিত বাগৰি ভবাত লাগিলে
নপৰে আৰু ইতি।
📝নাৰায়ণ বৰা
লংকা কাকী ৩,জিলা
হোজাই,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ