দাঁত

©Admin
0
ককাৰ মুখত আছে নকল দাঁত
নজনাই ভাৱে আচল ৷
হাঁহিত ককায়ে মুখখন বৰকৈ মেলে,
মানুহক দেখোৱাবলৈ ৷

এদিন ককাই মুখৰ পৰা হেৰোৱালে দাঁত,
চফা কৰি দিলে ৰ'দত শুকাবলৈ ৷
কাউৰীয়ে লৈ গ'ল
আঁতৰলৈ উৰুৱাই ৷
ককাই দাঁত বিচাৰি খালে হাবাথুৰি,
ককাৰ লাগিল হাহাকাৰ,
কিযে বিলৈ
ককা আকৌ হ'ল লাপুং বুঢ়া
দাঁত নাইকিয়া ৷

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)