মা

©Admin
0
"মা"  এটি সুকোমল মিঠা শব্দ 
"মা"    এখন মৰমৰ সাগৰ 
এপাহ ফুলৰ সুৰভি 
এমুঠি পূৰ্ণিমাৰ জোনাক ...
প্ৰতিটো ক্ষণতে হৃদয়ত সন্তানৰ ছবি ৰাখে।

ভোকত ভাত, পিয়াঁহত পানী 
সুকোমল হৃদয়ানুভূতি
বোকা পানীৰে লুতুৰি পুতুৰি 
মাতৃৰ কোলাত ওমলি জামলি
কটাই শৈশৱ ৷

"মা"
মাৰ মন এধাৰি শুভ্ৰতাৰ মালা
মাৰ শীতল ছাঁত বিচাৰি পাবা 
এধানি শান্তি ।

কিন্তু
মোৰ মায়ে মোক সৰুতেই  এৰি গুছি গ'ল
অন্য এক পৃথিৱীলৈ য'ত আছে শান্তি 
অবাঞ্ছিত মৃত্যুক সাবটি
সেয়ে লিখিব খুজিও থমকি ৰৈছে কলম
অনুভৱবোৰ বিচাৰি বিচাৰি 
কলমৰ বুলনিত নিগৰে চকুৰপানী।

মাৰ স্মৃতি আছে মনত ৰিণি ৰিণি 
কথাতে কয় "পেহীয়ে মাহীয়ে ভৰি আছে গাঁৱ আই নাই লঘোণে যাওঁ" 
সেয়ে লিখিলো একলম মাতৃৰ স্মৃতি বিচাৰি।

📝ৰুমী কলিতা দত্ত 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)