নিৰাশ আশাৰ ৰজা

©Admin
0
হাজাৰ হাজাৰ আশা
   বুকুত সাচি ৰখা ,
       নহয় কিন্তু আশা
           পতিতো সচাঁ । 

সপোন দেখি দেখি 
    ৰাতি গৈ পোৱা হয় ,
       বাস্তৱত কিন্তু সপোন
          পৰিণত নহয় ।

আকাশৰ তৰা চাই ভাল লাগে
      চুব পাৰা নহয় ,
         সাগৰ সাতোৰিম কব ভাল 
            সাতোৰি পাৰ পোৱা নহয় ।

পাহাৰ দেখিব দুৰৰ পৰাই ভাল 
     ওচৰত চালে দেখি খাল বাম  ,
          কিছুমান আশা দেখিব
             তুপনিৰ সপোনতে ভাল ।

জীৱনত আশা সাচি
    নৰখাই ভাল ,
       সময়ৰ কাম কৰি গলে 
          ভবিষ্যত হব ভাল ।


📝শ্ৰীমতী ৰিমকি চুতীয়া
   ধেমাজি, চিচিবৰগাওঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)