পথাৰৰ কাষেদি
যাওঁ মই খোজকাঢ়ি
ধাননি পথাৰৰ মাজ
সৌৱা কাৰনো কবৰ
আৰু সৌৱা বিজুলী
তাঁৰৰ খুটাত শালিকা
জাক বহি
ৰঙতে মচগুল হৈ
জুৰিছে আঘোণৰ গীত
পালোঁগৈ মই
ৰঙা পলাশৰ তলত
বৈছে শীতল বতাহ
লাহৰী কেইজনী লৰাইছে গা
মই জিৰণি লওঁ মানে
আহি পালেহি
সেউজী গাড়ীখন
উঠি মই অতিতক
হাত বাউল দি
অন্য এক যাত্ৰা
মোৰ লক্ষ্যপথত ৷৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ