মহানায়ক - মিছন কৰ'না ,খণ্ড -১১

©Admin
0

" মহানায়ক " ধাৰাবাহিক ত কাহিনী এতিয়ালৈকে - মহানায়ক বুহানৰ মেডিকেল কলেজত প্ৰৱেশ কৰি কৰ'নাৰ উৎপত্তি হোৱা ঠাইত অনুসন্ধান কৰি শেষত ভাইৰাছ টো প্ৰাপ্ত কৰি উভতি আহোতে চীনা পুলিচৰ লগত মুখামুখি হৈ কিন্তু নিজৰ বুদ্ধিৰে তাৰপৰা পলাই পত্ৰং দিয়ে এতিয়া আগলৈ পঢ়ক - 

দুয়োগৈ ঘৰত নামিল ল'ৰাটোৰ দেউতাকে বহাৰপৰা উঠি আগবাঢ়ি আহিল , মহানায়কে ক'লে ছাৰ অনুগ্ৰহ কৰি মাক্স , গ্লজ পিন্ধি লওক ল'ৰাটোৰ দেউতাকে মাক্স লগাই হাতত গ্লজ পিন্ধি ক'লে " ভাইৰাছৰ উৎপত্তিৰ কাৰণ বিচাৰি পালানে ? মহানায়কে ভাইৰাছৰটো দেখোৱাই ক"লে হয় এইয়া চাওক তেখেতে হাতত লৈ ভালদৰে চাবলৈ ধৰিলে ৷ মহানায়কে ক'লে এতিয়া মোৰ কাম হ'ল এই ভাইৰাছটো নষ্ট কৰা গতিকে মোক বিদায় দিয়ক মই অতিসোনকালে ইয়াক বায়ুমণ্ডলৰ পৰা বাহিৰত লৈ যোৱাটো হিতকাৰী হব এইবুলি কৈ ভাইৰাছটো লৈ উৰা মাৰিলে ল'ৰাটোৱে মহানায়ক উৰি যোৱালৈ চাই " গুড বাই মাই চুপাৰ হি'ৰ উই মিট ৱানচ এগেইন গড ব্লেছ য়ু " মহানায়ককে হাতৰ ইংগিতেৰে সঁহাৰি জনাই ৷ 

মহানায়ক অসমৰ ভূমিত নামিল আৰু ককাক মাত লগাই " ককা আপুনি ক'ত আছে প্ৰকট হওক " লগেলগে ককা প্ৰকট হ'ল " কি হ'ল তই আহি পালি চাওঁ কৰ'না ভাইৰাছনো কেনেকুৱা থাকে চাওঁচোন যিয়ে মৃত্যুৰ তাণ্ডৱ ৰচাই আছে " মহানায়কে ভাইৰাছটো ককাৰ হাতত দি " ককা ইয়াক কেনেকৈ নষ্ট কৰিম ? ককাই ভাইৰাছটো ভালদৰে পিটিকি পিটিকি চাই " এইয়া দেখােন বহুত ডেঞ্জাৰাছ ভাইৰাছ এটা কাম কৰা ইয়াক বৃহস্পতি গ্ৰহত এৰি আহগৈ এইবুলি কৈ মহানায়কৰ হাতত দি অদৃশ্য হ'ল ৷ মহানায়ক উৰা মাৰিলে বৃহস্পতি গ্ৰহলৈ বাঃ কিতাপত পঢ়া সৌৰজগত ইমান ওচৰত দেখি পাম বুলি জীৱনত কাহিনীও ভৱা নাছিলো বিশ্ব ব্ৰহ্মাণ্ড ৰ ৰূপ ইমান সুন্দৰ চাৰিওপিনে জিকমিকাই থকা তৰা বৃহস্পতি গ্ৰহত পদাৰ্পণ কৰি ভাইৰাছটোক এৰি উভতিল ৷

                 আগলৈ

📝ভাস্কৰ কায়স্থ                                        সহযোগ দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)