(লক্ষী নাথ চেতিয়া সমীপেষু)
দূৰৈৰ শিমলু জোপাৰ আগত
বৰকাঁহীৰ দৰে ফুলি উঠা
মৰা আবেলিৰ বেলিয়ে
খন্তেক ভাগৰ জুৰাইছে ।
বকিয়াইদি কেৰপাই ককা
ছাগলীকেইটা সমুখত লৈ
খুপি খুপি ঘৰলৈ উভটিছে
চগাবোৰ জাকে জাকে
উফন্দি উৰিছে
তাৰ মাজেৰে সৌৱা শ্মশানলৈ
কাৰোবাৰ শৱ যাত্ৰা ।
বৰকাঁহীৰ মাজত দেখিছোঁ
চন্দ্ৰৰ দৰে কলংকিত
মোৰেই প্ৰতিবিম্ব ।
শিমলুৰ আগৰ পৰা
ফুলি উঠা বেলিয়ে
পিছফালৰ জাৰণিৰ সিপাৰলৈ
হঠাত জপিয়াই দিলে
সিপাৰে আছে এখন
সোণাৰু ফুলৰ নিগাজী পাম ।
📝সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ