পাণ-তামোল-০৩

Rinku Rajowar
0
( যোৱা সংখ্যাৰ পিছৰ পৰা )
গতিকে আমি অনুমান কৰিব পাৰো পাণ--তামোল আমাৰ গ্ৰাম্য সমাজৰ কিমান দৰকাৰী অংগ | পাণ--তামোলক ৰাগিয়াল দ্রব্য হিচাবেও গন্য কৰা হয় | কিছুমান লোকৰ বাবে ই আকৈ নিচা সদৃশ | পাণ--তামোল নহলে তেওঁলোক ক্ষন্তেক সময়ো থাকিব নোৱাৰে  | আমি এনেকুৱা দুই এক ককা আইতাক জানো যিয়ে ৰাতি টোপনীৰ পৰা উঠিও খুন্দনাত তামোল খুন্দি খায় | পাণ , তামোল , চুণ আৰু মলা ধপাত মিলাই খোৱা তামোলখনৰ বোলে জুটিয়েই বেলেগ | সেয়া খোৱা জনেহে বুজিব | আনে বুজিব নোৱাৰে | কিছুমান মানুহে তামোল পানীত গোড়াই থৈ খায় | কিছুমানে আকৌ শুকুৱাই চুপাৰি কৰিও খায় | কেঁচা তামোল , বুঢ়া তামোল , গেলা তামোল , চুপাৰি আদি | গেলা তামোলৰ কি বিকত গোন্ধ ,তাৰ বাবে কোনো কোনোৱে ভাল নাপায় | বিভিন্ন নাম তামোলৰ | ধান কটা সময়ত তামোলে চালি ধৰে , পানীটো মাৰ গৈ অলপ পাতল ডাঠ হয় , সেয়া চালিৰ সৈতে খাবলৈ বৰ মজা হয় | কিছুমান তামোল আকৌ সাংঘাটিক ই যদি মূৰত ধৰে তেতিয়া খাওঁতা জনৰ অৱস্থা কাঢ়িল কৰি তোলে | আকৌ তামোল খাই চৰচৰনি খাব লাগিলে হল আৰু | তামোলৰ কিছু ভাল গুণ নথকাও নহয় | পাণৰ লগত মিলাই খালে মুখৰ দুৰ্গন্ধৰ লগতে আন কিছু সৰু সৰা ৰোগ ভাল কৰে বুলি লোকে কয় | কিছুমান লোকে আকৌ তামোলক সহ্যই কৰিব নোৱাৰে তাৰ লগতে তামোল খোৱা মানুহকো দেখিব নোৱাৰে | তেওঁলোকৰ ঘৰত তামোল নিসিদ্ধ |
       সমাপ্ত~
📝 হেমেন হাজৰিকা,মিৰ্জা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)