ৰুণজুন~ধাৰাবাহিক উপন্যাস(খণ্ড-১৩)

Rinku Rajowar
0
ৰুণজুনৰ দেউতাকে আয়ােজন কৰা ঘৰৰ পাৰ্টিৰ পৰা ঘূৰি অহাৰ পাছৰ পৰা ৰুণৰ অনুভৱ হ'ল  যেন - জীৱনৰ কঠিন পৰীক্ষাত পাছ কৰিলো ।
 নিজৰ ব্যস্ততা আৰু পৰিস্থিতিৰ বাবে মুনলিমাক পাহৰি আছিল নেকি  নে নিজৰ সুখৰ দিনত বন্ধুক পাহৰিলে তাই নিজেই ক'ব নােৱাৰিলে । বাৰু যি কি নহওক তাই আজি পুৱাই ৰিহণ হঁতৰ Land line ৰ পৰাই ফােন কৰিলে, হেল্ল মুনলিমা  । সিফালৰ পৰা মুনে," অ' ৰুণ নেকি "?  ক' তই ক'ত আছ', কি কথা ক'অ
সকলাে ক' । 
ৰুণে ক'লে," মই স্বাৰ্থপৰৰ  দৰে তোক খবৰ লােৱা নাই, চাচােন ?
মুন : হ'ব  মই সকলাে বুজি পাইছাে । মই নুবুজিলে তোক কোনে বুজিব  । 
ৰুণ : মই এতিয়া ৰিহণহঁতৰ ঘৰত আছাে আৰু মা হঁতে আমাক ঘৰলৈ মাতিলে আৰু আমাৰ বাবে পাৰ্টি এটাও দিলে 
মুনৰ  মনতাে অলপ হলেও বেয়া লাগিল যে, পাৰ্টি এটা হৈ গ'ল অথচ' মােক নামাতিলে । তাই কথাখিনি ভাবি নিশ্চুপ হৈ গ'ল । 
ৰুণে তাইৰ নীৰৱতাখিনি যেন কিবা এটা বুজি পালে  আৰু ক'লে," মই একাে কৰিব পৰা অৱস্থাত নাই আৰু ময়াে আলহীৰ দৰে আছিলােহি । পাৰ্টিত তই নহা খবৰতো লৈছিলাে, কিন্তু, মই নিমন্ত্ৰণ কৰিব পৰা অৱস্থাত নাই । 
মুনলিমাই : বাৰু যিয়েই   নহওক , মই তোক বিছাৰি উলিয়ামেই ।
ৰুণ : আহি যা । বহুত কথা পাতিম । আজি থও দেই মুন ।
 সেইদৰে এদিন মুনলিমা গৈ ৰিহণহঁতৰ ঘৰ পালেগৈ । গিৰিয়েকৰ সময় নাই বাবে -ঘৰৰ  ড্ৰাইভাৰেই লৈ আহিল । ৰুণে বান্ধৱীক  চিনাকি কৰাই দিলে সকলােৰে আগত । সেইদিনাখনহে ৰিহণে তাইৰ লগত ভালদৰে কথা পাতিলে আৰু কৰ্ট মেৰিজৰ বাবে যিখিনি সহায় কৰিছিল  তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিবলৈ    সুযােগ পালে আৰু ক'লে ,"    আমি আপোনাক  ধন্যবাদকণাে যদি নিদিও, তেতিয়া  কিজানি জীৱনভৰ  ধৰুৱা হৈ থকাৰ নিচিনা হলেহয় । আপুনি অহাৰ বাবে বৰ ভাল পালো আৰু ৰুণেও যে কিমান ভাল পাইছে সেয়া জুখিব নােৱাৰি ।
ৰিহণে মুনলিমাৰ বিষয়ে আগতেও শুনিছে আৰু ৰুণৰ নলেগলে লগা বান্ধৱী বুলি ভালদৰে জানে । ৰিহণে মুনলিমাৰ বাবে গিফ্ত এটাও আনি থৈছিল । 
মুনলিমাৰ ৰিহণহঁতৰ পৰিয়ালতাে দেখি বৰ ভাল পালে আৰু ৰুণক ভাগ্যৱতী বুলি ক'লে । ৰিহণৰ মাক -দেউতাক যঠেষ্ট ভব্য -গব্য মানুহ । 
দেউতাকৰ লগত বহি কথা-বতৰা  পাতি নিজকে গৌৰৱ অনুভৱ কৰিলে ।
মুনলিমাও পঢ়াত ভাল ছােৱালী আছিল । পিছে কি হ'ব মাক -দেউতাকে ডাক্তৰ দৰা পােৱা কাৰণে সোনকালে বিয়া দি দিলে ।
   মুনলিমাই  ডাইনিং ৰুমত দেখিলে নতুন দিজাইনৰ   বিভিন্ন কাপ-প্লেটৰ  বাদেও, এটা গ্লাচ আৰু  কাঠ আলমিৰাত অসমীয়া মাইহাং কাহী, কাহৰ কাহী, বানবাতি, ঘটি লােটা আদিৰে ভৰা  । অসমীয়া পুৰণি ধনী মানুহ তেওঁলােক । 
 দুই বান্ধৱীয়ে ভাত খােৱাৰ মাজতে ইমান কথা পাতিলে । ৰিহণে ক'লে," আজিয়েই কথা শেষ কৰিম বুলি ভাবিছা নেকি ৰুণ। ৰুণে সকলাে কথা বিৱৰি পাতিলে । মুনলিমাৰো, বৰ্তমান তাইৰ অৱস্থাতাে অলপমান সুস্থিৰ  হােৱা হেন পাই বৰ ভাল পালে আৰু নিজে আহি দেখি যােৱাৰ বাবে, আৰু ভাল লাগিল । মুঠতে গােটেই পৰিয়ালৰ মানুহ বিলাককেই মুনৰ ভাল লাগিল । ৰিহণ আৰু ৰুণক তেওঁলােকৰ ঘৰলৈ  নিমণ্ত্ৰণ কৰি  থৈ গল। আবেলি তিনিমান বজাত তাই তেওঁলােকৰ পৰা বিদায় লৈ গুচি আহিল ।
 ----- আগলৈ--------

আগৰ খণ্ড কেইটা পঢ়িবলৈ ইয়াত ক্লিক কৰক click here

📝 মীনা পামে গাম 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)