শ্ৰেষ্ঠতাৰ মুকুট-চুটিগল্প

Rinku Rajowar
0
শুই উঠিয়েই প্ৰতিক্ষাই খিৰিকিখন খুলি চকুৱে ঢুকি পোৱা শেষ সীমনালৈকে চাই পঠিয়ালে। দূৰ - দিগন্তলৈ কেৱল সেউজীয়া। প্ৰতিক্ষাৰ মনটো ভৰি গ'ল। মোক খা মোক খা কৈ ওলাই অহা হালধীয়া বেলিটিয়ে সেউজীয়া খিনিক এক নতুন ৰঙেৰে উজ্বলাই তুলিছে। উস্ কি মনোৰম এই দৃশ্য! 
ক্ষন্তেক পাছতেই খিৰিকিখনৰ কাষেৰে বৈ যোৱা পৰুৱাৰ লানি নিছিগা শাৰীটোলৈ প্ৰতিক্ষাৰ চকু গ'ল। কি সুন্দৰ পৰুৱাৰ মৰম,  একতা!মানুহ হোৱাৰ চেতনাত তাই বিভোৰ হ'ল। তাইৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। আমি মানুহ। জীৱশ্ৰেষ্ঠ। তেন্তে হিংসা -সন্ত্ৰাস, কৃত্ৰিমতা, স্বাৰ্থপৰতা আৰু অহংকাৰে আমাক শ্ৰেষ্ঠত্ব কৰি ৰাখিছেনে? জীয়াই আছেনে পৰুৱাবোৰৰ দৰে আমাৰ মাজত সামান্যতমো মানৱতা? 

যদি আমি শ্ৰেষ্ঠই তেন্তে কিয় আমাৰ কৰ্মত ঘৃণাৰ গোন্ধ ওলায়? কিয় আমি ইজনে আনজনৰ সমভাগী হ'ব নোৱাৰো। পৰুৱাবোৰৰ দৰেই আমিবোৰো কিয় একতাৰ এনাজৰীৰে বান্ধ খাই জীয়াই থাকিব নোৱাৰোঁ। সমাজখনৰ খেতিয়কৰ পৰা আদি কৰি ব্যৱসায়ীজনলৈকে, মুচিৰ পৰা জোতা মালিকলৈকে, ৰাজনীতিবিদৰ পৰা ডাক্তৰলৈকে সকলোৰে ইজনে সিজনৰ সহায়ৰ প্ৰয়োজন আছে। তেন্তে কিয় আমি সকলোকে সমদৃষ্টিৰে চাবলৈ, সন্মান কৰিবলৈ শিকা নাই। 

সমাজপ্ৰিয় মানুহ যিদৰে এজনে আনজনৰ অবিহনে থাকিব নোৱাৰে ঠিক তেনেদৰে প্ৰকৃতি আৰু মানুহো ইটোৱে আনটোৰ পৰিপূৰক।প্ৰকৃতিৰ উপাদানসমূহ যেনে গছ- গছনি, পশু-পক্ষী, নৈ-বিল, জীৱ-জন্তু সকলোৰে ওত:প্ৰোত সম্পৰ্ক আছে। নহ'লেনো ইমান বৈচিত্ৰ্যতাৰ মাজতো পৃথিৱীখন ইমান সুন্দৰকৈ চলি থাকেনে? 

আদিম কালত মানুহেও প্ৰকৃতিৰ লগত পাৰস্পৰিক সমতা ৰক্ষা কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। স্বাৰ্থপৰতাই সীমা অতিক্ৰম কৰাৰ পিছতেই শ্ৰেষ্ঠতাৰ মুকুট পিন্ধা আমিবোৰেই জানো আৰম্ভ কৰা নাই প্ৰকৃতিৰ ধ্বংসযজ্ঞ। আমাৰ কৰ্মৰেই জানো অ'জন স্তৰত বৃদ্ধি কৰা নাই গোলকীয় উষ্ণতাৰ। প্ৰকৃতিৰ বুকুত চলোৱা অবাধ লুণ্ঠনেৰে  মানৱতাকো হত্যা  কৰি আমিবোৰেই কৰিছো উন্নতিৰ নামত মৃত্যুৰ কৃচ্ছসাধনা। 

এফালে শ্ৰেষ্ঠতাৰ অহংকাৰ আনফালে আধুনিক শিক্ষাৰ ব্যবহাৰিক জ্ঞানৰ অভাৱ। প্ৰতিক্ষাই মনতে ভোৰভোৰালে- ধিক্ মানৱ।হায় মানৱতা! শ্ৰেষ্ঠতা এক দৰিদ্ৰতা....... 

প্ৰতিক্ষাই পৰুৱাৰ লানিটোলৈ নিথৰ হৈ মাথোঁ চাই ৰ'ল.....।

📝দীপাৱলী কুৰ্মি,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)