সময়ৰ সন্ধিক্ষণত

©Admin
0
মোৰ দুচকুত সপোন বোৰ
তুমিয়েই আঁকি দিছিলা
ৰাখিছিলো মোৰ হৃদয়ৰ ফুলনিত
তোমাক বহুৱাই
মোৰ হৃদয়ত উম লৈ
জীপাল হোৱা তুমি
তথাপি নাপালো মই 
একো তোমাৰ সঁহাৰি
তুমি গুচি গ'লা মোৰ পৰা
বহু দূৰলৈ আঁতৰি !
এতিয়া মোৰ ছায়াচ্ছন্ন হৃদয়ত
ধৰিছে বিষাক্তৰে আবৰি !
তুমি চাগে এতিয়া ভাবিছা মনে মনে ?
সমূলি নস্যাৎ কৰি দিম বুলি !
নাভাবিৱা তুমি
এতিয়া মই বৰ শক্তি শালি !
তোমাৰ অম্বেষণত অহৰ্নিশে
আছো মই ঘূৰি !
আস্পৰ্ধা নকৰিবা তুমি 
সময়ৰ সন্ধিক্ষণত ল'গ পাম 
তোমাক কিজানি !
তোমাৰ ঔদাসীন্য জীৱনৰ
আশান্বিত, আস্পৰ্ধা, সকলো
নিশেষ কৰি দিম মই !
এতিয়া মোৰ হৃদয়ৰ ৰক্ত
তিল তিল কৈ উঠিছে জাগি !
মোৰ গতায়ুস শেষ হোৱা লৈকে
থাকিম মাথোঁ তোমাৰ অম্বেষণত 
কাহানিওঁ নকৰোঁ নিষ্পত্তি !
এতিয়া নালাগে মোক আৰু 
তোমাৰ সেই ভয়াৱহ অতীত বুৰঞ্জী !
নিপিড়িত মানুহৰ মুক্তি নিচান উৰুৱাই
যাম মই আগবাঢ়ি!
মোৰ সময়ৰ সন্ধিক্ষণত
ল'গ পাম তোমাক কিজানি !

   📝বিনিতা বৰা
     হোজাই জিলা
     লংকা 
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)