নাজানো মই লিখিব কবিতা ,
তথাপিও লিখো তোমাৰ বাবে।
তোমাৰ কথা মনত পৰিলে
লিখিব মন যায়
জীৱনৰ মৰ্মান্তিক কবিতা ।
গায়কো নহলো যে মই
নহলে গাই দিলোহেতেন
তোমাৰ সুৰৰ গান ।
কেতিয়াবা আকৌ মন যায় আঁকি পেলাব
তোমাৰ অভিমানী মুখখনি ।
তুমি আছা বাবেই
মোৰ এটা আশা আছে ।
সপোনতো মাথো তুমি আছা ,
আছে এক ৰূপালী জোনাক ।
আন্ধাৰতো দেখো তোমাক ।
কেতিয়াবা দেখা পাও
দূৰনিত হাওলি থকা
এটি জুপুৰী ঘৰ ।
যিয়ে মাতিছে মোক সঘনাই ।
গুছি যাম অজানিতে
সপোনৰ সেই নতুন ঠাইত ।
তোমাৰ সৰু সৰু অভিমানবোৰ লৈ ,
হৈ ৰম
তোমাৰ অভিমানৰ অভিমানী অনুৰাগী ।
📝বিজয় কুৰ্মী
গহপুৰ, বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ