ঐতিহ্যমন্দিত নুমলীগড় দেওপাহাৰ, খণ্ড - ০১

©Admin
0
গোলাঘাট জিলাৰ প্ৰাচীন ঐতিহ্যৰ ভিতৰত অন্যতম নুমলীগড়ৰ দেওপাহাৰ ৷ নুমলীগড়ৰ পৰা তিনি মিল কিলোমিটাৰ নিলগত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দশম একাদশ শতিকাৰ প্ৰাচীন মন্দিৰ ভগ্নাৱশেষৰ সৈতে দেওপাহাৰ অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বনৰীয়া প্ৰাণীৰ বিচৰণ ভূমি ৷ সেইবাবে ইয়াৰ নাম দেওপাহাৰ হ'ল ৷
এটা প্ৰায় ৩০০ মিটাৰ ওখ টিলাৰ চুড়াত অৱস্থিত ভগ্ন মন্দিৰটো জনশ্ৰুতি মতে মহাদেৱৰ মন্দিৰ আছিল ৷ সেই মন্দিৰটো ১৮৯৭ চনত হোৱা বৰ ভুঁইকপত ভাগি পৰিছিল ৷ 
বহুতেে ইয়াক দেও পৰ্বত বুলিও কয় ৷ এটা জনপ্ৰবাদ মতে মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰা সময়ত ইয়াতে বাহৰ পাতিছিল ৷ 
সেইবাবে বহুতেে ইয়াক জৰাসন্ধ পাহাৰ বুলিও অবিহিত কৰে ৷ এই মন্দিৰ ভাগি পৰাৰ পাছত বৰ্তমানৰ নুমলীগড় ৷ বাবাথান প্ৰতিষ্ঠা কৰা হৈছিল ৷ দেওপাহাৰৰ প্ৰাচীন মন্দিৰটো ভগ্নাৱশেষ বহু বছৰ ধৰি বিশৃংখল ভাৱে সিঁচৰতি হৈ আছিল ৷ শিলা ভাস্কৰ্য সমুহত শেলাই ধৰিছিল যদিও দেওপাহাৰৰ ধৰ্মীয় মৰ্যাদা আৰু ঐতিহ্য ম্লান পৰ নাছিল ৷
                  আগলৈ

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক
 নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)