উন্নসত্তৰ তম পোন্ধৰ আগষ্টৰ
স্বাধীনতা দিৱসত,
দেশ মাতৃক সন্মান জনোৱাৰ অৰ্থে,
হাতে হাতে সকলোৱে নিচান ধ্বজা লৈ
ওলাই আহিছোঁ সমদলে,
জীৱনৰ ত্যাগৰ পথত।
শত-কৌটি লোক মৰিছে
তেজেৰে বুলিছে
বিস্ফোৰক ত।
তথাপিও ভবা নাই নিজৰ জীৱনক
মাথোঁ আগুৱাই গৈ আছোঁ
জীৱনৰ ত্যাগৰ পথত।
গাইছো সমদলে “বন্দে মাতৰম”
দিছোঁ শ্লোগান।
ৰঙা তেজেৰে ৰাঙলী হৃদয়েৰে
সমদলে আগুৱাই আহিছোঁ
শত -দীৰ্ঘ দূৰত্ব।
তথাপিও কঁপা নাই কাৰো হাত
তথাপিও খহা নাই নিচান ধ্বজাবাহক।
সাগৰ -মহাসাগৰ বৈছে
তেজৰ চেকুৰাৰে ,
সেই তেজৰ চেকুৰা ফালি
আগুৱাই আহিছোঁ মাথোঁ
দূৰণিৰ ত্যাগৰ পথত।
শেষত উচ্চস্বৰত ধ্বনি উঠিছে
মাতৃৰ বুকুত
“বন্দে মাতৰম”
“বন্দে মাতৰম”
“বন্দে মাতৰম”!
নাৰায়ণ বৰা
লংকা কাকী ৩
জিলা: হোজাই (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ