মোৰ ককা

©Admin
0

      এয়া মোৰ ককা
     থকা হলে জীয়াই আজি
     হ'ল হেতেন দুই কম
     আশী বছৰীয়া  ৷
     ৰঙালীৰ বতৰতে
     বৰদৈচিলা হৈ তুমি
     কিয় গুচি গ'লা ককা  ?
     ভালকৈ তোমাৰ মই
     মৰমেই নাপালো ,
     খেলিবলৈ নাপালো  ৷
     তুমি যে অকলে থাকিলা
     বাৰান্দাত চকীখনত বহি
     আমালৈ বাট চাই আছিলা
     বিহুত আমি যাম
     তুমি ডাঙৰ শ'ল মাছ আনিবা 
মায়ে ৰান্ধিব আমি চবেই খাম
কিন্তু ককা
তুমি যে গুচি  গ'লা  ৷
বিহু এতিয়া মোৰ ভালেই
নালাগে জানা  ৷
যতেই আছা তুমি
কুশলে থাকিবা ককা ৷

    
📝প্ৰতিষ্ঠা প্ৰিয়দৰ্শিনী
 চেইণ্ট জোছেফ স্কুল
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)