শুভবাৰ্তা

Rinku Rajowar
0
সাহিত্য মানুহৰ সুকুমাৰ অনুভৱৰ অনুপম সৃষ্টি। চৰ্যাপদৰ সৃষ্টিৰ পৰা বৰ্তমান সময়লৈকে সৃষ্ট সাহিত্যই মানৱ সমাজক প্ৰদান কৰি আহিছে এক অনাবিল সুখানুভূতি। যুগ যুগ ধৰি সাহিত্যই মানুহৰ জীৱনত এক ছাঁৰ দৰে বিৰাজমান কৰি আহিছে। নিৰানন্দৰ মাজত আনন্দ, নিৰাশাৰ মাজত আশা আৰু দুখৰ মাজতো সুখ প্ৰদান কৰি অহা সাহিত্যৰ  জৰিয়তে প্ৰতিফলিত হৈ আহিছে সমাজ এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক স্বৰূপ। সেয়েহে কোৱা হয় সাহিত্য সমাজৰ দাপোণ।সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ প্ৰকাশৰ মাধ্যমো মানুহৰ কৃচ্ছসাধনাৰ জৰিয়তে পৰিৱৰ্তন হৈ আহিছে। সাঁচিপাতৰ পৰা আৰম্ভ কৰি ছপা মাধ্যমৰ জৰিয়তে প্ৰকাশ পাই অহা সাহিত্যৰাজী সম্প্ৰতি একবিংশ শতিকাৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত এক নতুন ৰূপ লৈছে। মানৱ জীৱনৰ সৰ্বত্ৰাসে গ্ৰাস কৰা ডিজিটেল  মাধ্যমে মানুহৰ অনুভৱবোৰ প্ৰকাশৰ বাট একেবাৰেই চমু কৰি পেলাইছে। সম্প্ৰতি প্ৰচলিত ল'কেল টু গ্ল'বেল যি ধাৰণা তাৰো বাস্তৱ সম্ভৱ হৈছে ইণ্টাৰনেটৰ জৰিয়তেই। গতিকে সময়ৰ দাস আমিবোৰে সময়ৰ দাস আমিবোৰে সময়ৰ দাবীতেই বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ সকলোবোৰ অৱদান গ্ৰহণ কৰিবলগীয়া হয়। উন্নয়নশীল দেশৰ অন্তৰ্গত ভাৰতবৰ্ষও আধুনিকীকৰণৰ ব্যতিক্ৰম নহয় কিন্তু পশ্চিমীয়া দেশসমূহৰ তুলনাত সেই সুবিধা সমূহৰ পৰা একাংশলোক যে আজিও বঞ্চিত তাক নুই কৰিব নোৱাৰি। তৎস্বত্বেও আন দেশসমূহৰ পদাংক অনুসৰণ কৰিয়েই উন্নতিৰ জখলাডালত আমি খোজ অব্যাহত ৰাখিব লাগিব।

      সাহিত্যৰ বিশাল ক্ষেত্রখনত অসমীয়া সাহিত্যৰ অৱদানো অনুপম। ক্ষুদ্ৰ ভাৰত হিচাপে খ্যাত অসমত নানা জাতি -জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৈচিত্ৰ্যৰ মাজতো ঐক্যতাৰে বসবাস কৰি আহিছে আৰু অসমীয়া সাহিত্যত তেনে এক বৈচিত্ৰ্যৰ প্ৰতিফলন। বিভিন্ন জাতি -জনগোষ্ঠীৰ সামাজিক -সাংস্কৃতিক মেটমৰা বৈশিষ্ট্যৰ পূৰ্ণ অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰলৈ ডিজিটেল মাধ্যমৰ যোগেদি নিয়াৰ এক প্ৰয়াস হৈছে অসমীয়া সাহিত্যৰ চানেকি।ডিজিটেল মাধ্যমৰ যোগেদি প্ৰকাশিত মুষ্টিমেয় আলোচনীবোৰৰ মাজত 'অসমীয়া সাহিত্যৰ চানেকি' এক নৱতম সংযোজন। ২০২০ বৰ্ষৰ ১ জানুৱাৰী তাৰিখে প্ৰকাশ হোৱা 'অসমীয়া সাহিত্যৰ চানেকি ' প্ৰথম অসমীয়া দৈনিক ই-আলোচনী। গতিকে দৈনন্দিন এখনি ই- আলোচনী  প্ৰকাশ কৰাটো অসম্ভৱ যেন লাগিলেও ইতিমধ্যে সফলতাৰে আলোচনীখনে ছটা মাহ অতিক্ৰম কৰিছে আৰু গল্প- উপন্যাস -কবিতা-প্ৰৱন্ধকে আদি কৰি বিভিন্ন শিতানেৰে ১১১ লেখকৰ মুঠ ১০১০ লেখা প্ৰকাশ পাইছে। গতিকে এনে এক অভিনৱ প্ৰয়াসেৰে সাহিত্য অনুৰাগীৰ মাজত অতি  কম সময়তে সমাদৰ বুটলিবলৈ সক্ষম হোৱা দৈনিক ই-আলোচনীখনৰ অন্তৰালত থকা সকলোলৈকে আমাৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লগতে সাহিত্যৰ ভেঁটি টনকিয়াল কৰাৰ যি মহৎ উদ্দেশ্য আগত ৰাখি দৈনিক ই- আলোচনীখন  প্ৰকাশ কৰিছে আৰু সম্পাদনাৰ দায়িত্বৰে এই যাত্ৰাৰ সমভাগী হ'বলৈ সুযোগ দিয়াৰ বাবে আলোচনীখনৰ অন্তৰালত থকা সকলোলৈ আমাৰ অশেষ কৃতজ্ঞতা নিবেদিলো আৰু অনাগত দিনত সকলোৰে সহায় -সহযোগিতা কামনা কৰিলোঁ। 

       শেষত অসমীয়া সাহিত্যৰ  চানেকিৰ যি যাত্ৰা সেইয়া সফল আৰু অবিৰত হওক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)