নদীৰ দুখ

Rinku Rajowar
0
এখন নৈ বৈ যায়
দুয়োপাৰ উপচি থাকে সেউজীয়া
পিছে নৈ খনে চুই চাব নোৱাৰে
সেই সেউজীয়াৰ বিশালতা ।
নৈ খন হয়তো অভিশপ্ত
তৃষ্ণাতুৰ হ'লেও কেতিয়াও 
তিয়াব নোৱাৰে হৃদয়ৰ বালি ।
এটি ভোমোৰা গুঞ্জন তুলি উৰি যায়,
দূৰ নীলিমাত লুকা ভাকু খেলে শুভ্ৰ ডাৱৰে ।
বেলিয়ে চাই মিচিকিয়াই
আকাশ ভৰি থাকে 
প্ৰেমময় প্ৰসন্নতাই ।
সাগৰৰ দৰে নহ'লেও 
নৈখনৰ বুকুতো ধুমুহা বলে
নিশব্দে, নীৰৱে ।
কলকল মিঠা সুৰধ্বনিৰ মাজতো
বাজি থাকে দুখৰ এটি মূৰ্ছনা ।
পাৰিলে তুমি শুনি চাবাচোন
হে অঘৰী পথিক ।
কেতিয়াবা অলপ সময় উলিয়াই
নৈৰ পাৰলৈ আহিবা,
নৈৰ গৰাত বহিবা অকলে 
কথা হ'বা নৈ খনৰ সতে ।
কিমান দিন যে মনৰ কথা পতা নাই ।
বুকুৰ চাকনৈয়াত লুকুৱাই থোৱা আছে
কত যে গোপন কথা
পকনীয়া সোঁতত সিবোৰ
এবাৰ তল এবাৰ ওপৰ হৈ
ক্ৰমে ক্ৰমে পুনৰ জিন যায়
আৰু পৰি ৰয় নদীৰ অটল গৰ্ভত ।
আৰু এনেকৈয়ে বৈ থাকে নদীখন
হৈ নিৰৱধি ।।

📝ডঃ কুঞ্জলতা গগৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)