অভিসাৰিকা

Rinku Rajowar
0
অপেক্ষাৰ গুহাত বন্দী
দুবৰিৰ দুৰ্নিবাৰ আশা 
সদায় আহিব 
নিশাৰ অভিসাৰিকা ।
প্ৰতিটো এন্ধাৰৰ 
অবৈধ মধুচন্দ্ৰিকাত
তাই এৰি থৈ যাব
সুকোমল স্পর্শৰ সুখানুভূতিৰে
অজস্ৰ মুকুতামালা
আৰু ইস্পিত বাসনাত
হেপাহৰ উষ্ম আলিংগন
দুবৰিৰ দেহত । 
সূৰুযৰ সাতোটা ঘোঁৰাৰ
দপদপনিত তাইৰ
বিদায় বেলাৰ উচুপনি ।

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)