হে চাহ মজদুৰ

Rinku Rajowar
0
হে চাহ মজদুৰ ভাই
হে অসমৰ চাহ মজদুৰ
তুমি ইমান কষ্ট কৰা
তুমি বণুৱা নহয়! ৰণুৱা হে৷ 
তোমাৰ ৰণতে চাহৰ উৎপাদন বৃদ্ধি পাইছে, 
তুমি চাহৰ প্ৰকৃত উৎপাদন কৰোঁতা৷ 
ক’লা-ৰঙা টুপী পিন্ধা চাহাব নহয়৷ 
তুমি হে .....
তুমি কষ্ট কৰোঁতা, 
তুমি হে ৰণ কৰোঁতা৷ 
কিন্তু তোমাৰ হে লোকচান৷ 
ক’লা-ৰঙা টুপী পিন্ধা চাহাবৰ লাভ৷ 
হে মজদুৰ ভাই, 
হে চাহ শ্ৰমিক, 
সিহঁতৰ বাবে মই ক্ষমা বিচাৰিছো তোমাক৷ 
তুমি কষ্ট কৰা বন্ধ নকৰিবা, 
নহ’লে চাহ পাতৰ নাম শেষ হৈ যাব৷ 
অসমৰ ইতিহাস সলনি হৈ যাব৷ 
জয়তো চাহ মজদুৰ৷৷    

 📝বিনোদ চেৰো



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)