সৌৰভে ঘটীৰ পানী বাপেকক নি দিলে বাপেকে ঘটীৰ পানীৰে মুখ ধুই সৌৰভলৈ চাই ক'লে তই দেখোন ডাঙৰ হৈছ নিজে অলপ কাম শিকিবলৈ হৈছে " কৈ ঘটীখন সৌৰভৰ হাতত দি ভিতৰলৈ সোমাই যাওঁতে দুৱাৰদলিত ঢলংকৈ পৰি গ'ল সৌৰভে মাকক চিঞৰিলে " মা দেউতা পৰিল আহক " বুলি কৈ পাৰেমানে চেষ্টা কৰিও উঠাব নোৱাৰিলে মাকে কি হ'ল বুলি লৰি আহিল আৰু মাক পিতেকে মিলি যেনেতেনে ভিতৰলৈ নি পীৰাখনত বহাই বলকিলে " আপোনাৰ লাজ লগা নাই নে ঘৰত বাৰ বছৰীয়া পঢ়া ল'ৰা এটা থাকোতে মদসোপা খাই আহিছে " এইবুলি কৈ নিজৰ কামত লাগিল ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ