মই প্ৰকৃত মানুহৰ শাৰীত পৰোনে ?

©Admin
0
মানুহ অকলেই এইখন পৃথিৱীলৈ আহে আৰু অকলেই যাব লগা হোৱাটো প্ৰকৃতিৰ নিয়ম l 
সেই প্ৰকৃতিয়েও যেন আজি ৰূপ 
সলাইছে l 
বিশ্বৰ ভিন্ন প্ৰান্তে প্ৰান্তে জুম বান্ধি বান্ধি লক্ষাধিক মানুহ একেলগেই এইখন ধৰিত্ৰী ত্যাগ দি অজান থাইলৈ গতি পথ লৈছে..
তওলোক ভিন্ন ধৰ্মালম্বিৰ আৰু নাস্তিকেই নহওক বা কিয়,
আহিব লগা সেই দুৰ্যোগ কিজানি আপোনাৰ-মোৰ বাবেও হ'ব পাৰে l এইখন বিশ্বব্ৰম্মাণ্ডত আমিহত কৰ'ণাতকৈও ক্ষূ্দ্ৰ l
সজাগতাই সূৰক্ষাৰ মূল l
এই সজাগতা কেৱল নিজৰ বাবেই সিমাবদ্ধ নাৰাখি ঈশ্বৰৰ আপুৰুগীয়া সৃষ্ট সকলো কূলৰ বাবেই দায়বদ্ধ হওক l
উচ্ছ-নিচ্ছ, ধনী-দুখীয়া আৰু জাতিগত তথা ধৰ্মীয় ভেদাভেদ পৰিহাৰ কৰি প্ৰথমে মানুহে মানুহক সন্মান কৰাৰ ক্ষেত্ৰত সজাগ হওক...
সন্মান কৰক প্ৰকৃতিক
আৰু সেই প্ৰকৃতিৰ অৱদানেৰে ভৰপূৰ এপদ এপদ বস্তু অবাধে ধ্বংস হোৱাৰ ক্ষেত্ৰতো সজাগ হওক l
ভাবি লওক এই প্ৰকৃতি ঈশ্বৰৰেই এটি ৰূপ আৰু বাস্তবত ঈশ্বৰক আমি দেখা নাই কিন্তু প্ৰকৃতিৰ আপুৰুগীয়া অৱদানেই আমাক ঈশ্বৰৰ অৱস্থিতিৰ অনুভৱ কৰোৱাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছে  ভিন ভিন ধৰ্মৰ আৰু সেই ধৰ্মৰ দোহাই দি অপ্ৰিয় সকলক টাৰ্গেট কৰি সমাজত ঋণাত্মক প্ৰতিক্ৰিয়াৰ বিষবাষ্প বিয়পোৱা ব্যক্তি সকল কেতিয়াও ধাৰ্মিক হ'ব নোৱাৰে l
যদিহে আপোনি সচাই নেদেখা জনক বিশ্বাস কৰেই, অন্তত ঈশ্বৰ সৃষ্ট বিনন্দিয়া প্ৰকৃতিৰ অৱদান সমূহকো সন্মান জনাই তাৰ নিয়ম-শৃংখল সমূহ টচ-নচ কৰাৰ পৰা বিৰত থাকি নিজকে সংযমি কৰি সমাজত ধনাত্মক বিশ্লেষনাত্মক বাৰ্তা প্ৰেৰন কৰিবলৈ কিঞ্চিত চেষ্টা কৰক l 
যদি সেয়া কৰিব নোৱাৰে তেন্তে আৰ্চিখনলৈ চাই নিজকে প্ৰশ্ন কৰক যে... 
মই প্ৰকৃত মানুহৰ শাৰীত পৰোনে ?

📝ৰুবুল আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)