কবিতা লিখি ভাল পাওঁ দিনলিপিৰ প্ৰতিটো পৃষ্ঠাত

©Admin
0
তুমিটো জানাই 
কলম আৰু দিনলিপিৰ বাহিৰে 
এই কবিৰ আৰু একোৱে নাই 
পাহাৰ-পৰ্বত একাকাৰ কৰি 
ৰৈ আছোঁ মই কবিতাৰ ৰেঙনিত

তুমিটো জানাই 
কবিতা লিখি ভালপোৱা 
মই এগৰাকী ৰহস্যময়ী নাৰী 
মোৰ দিনলিপিৰ প্ৰতিটো পৃষ্ঠাত 
লিখি যাওঁ মনৰ অনুভৱ 

বিমূৰ্ত সময়বোৰ বিচাৰি 
ডিঙা মিলি উজাই যাম 
দূৰ সু-দূৰলৈ 
নিঃশব্দে যেতিয়া 
শব্দ বিচাৰি যাম 
তেতিয়া যেন বিলীন হ'ম
হেজাৰ ধুমুহাত
দিনলিপিৰ প্ৰতিটো পৃষ্ঠাত 
লিখি যাম বহুতো 
শব্দৰ মাজেৰে মোৰ ঠিকনা 

তোমাৰ হেঁপাহৰ কোঠালিত 
মৰমেৰে জানোঁ জুৰাবলৈ দিবা 
মোৰ ভাগৰুৱা আত্মাক 

ভয় লাগে জানা 
জানোচা তুমি 
দূৰে-দূৰে আঁতৰি থাকা 

তুমিটো জানাই 
এই কবিৰ আৰু একোৱে নাই 
বুকুত জ্বালামুখী উদগীৰণ হ'ব
মৰমৰ নদী ব'ব
সুখ দুখে কিৰিলিয়াব

তোমাৰ হেঁপাহৰ কোঠালিত 
আৰু তোমাৰ শুকুলা হৃদয়ত 
নিঃশব্দে যেতিয়া মই 
বিলীন হম 

মোৰ উন্মানা মনে
শব্দৰ প্ৰতিটো ৰামধেনুৰ ৰঙৰ দৰে 
দিনলিপিৰ প্ৰতিটো পৃষ্ঠাত 
লিখি যাম তোমাৰ গোলাপ ফুলীয়া কবিতা 

ওৰে ৰাতি নীৰৱতাৰ সৈতে 
কথা পাতিম
সেউজীয়া হৃদয়ত জগাই তুলিম প্ৰণয়ৰ অনুভৱ 
উজাগৰী নিশা পাৰ কৰিম 
সপোনৰ ছবি আঁকি 
লিখি যাম দিনলিপিৰ প্ৰতিটো পৃষ্ঠাত 
তোমাৰ আশা ভালপোৱা 

তুমিটো জানাই 
এই কবিৰ আৰু একোৱে নাই 
কবিতা লিখি ভাল পাওঁ মই 
মোৰ দিনলিপিৰ প্ৰতিটো পৃষ্ঠাত ।।

 📝বিনিতা বৰা
   লংকা (কাকী-৩)
        হোজাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)