প্ৰিয়তমালৈ চিঠি

©Admin
0
তোমাক বাচত তুলি দি আহি
চকু পানী ৰখাবলৈ
বহুত চেষ্টা কৰিছিলো ।

ক্ষণিক সময় হলেওঁ
এৰি থকা কিমান কঠিন
বুজিছানে তুমি ?

ওলাই আহিব ধৰা চকুপানীখিনি
ধৰি ৰখা কিমান কঠিন আছিল
মােৰ বাবে, 
অনুমান কৰিব নোৱাৰিবা, তুমি।
ওলাব ধৰা চকুপানী
অলক্ষিতে মচিছিলোঁ ।

প্ৰেম আৰু মৰমৰ
আলিংগনে
বাধা পালে
চকুপানী হৈ সৰে  ॥

কিন্তু সময়ে - পৰিস্থিতিয়ে
সদায় একেলগে
থাকিবলৈ নিদিয়ে ॥

দুয়াে সদায় "আমি" হৈ থাকিবলৈ বিছাৰো ।
আমি  সদায় "আমি" হৈয়ে থাকিম ।
কিন্তু, জীৱনৰ তাড়নাই  তোমাক 'তুমি',
আৰু মােক "মই" হৈ থাকিবলৈ দিছে ।

সেই বাবেই প্ৰেম, ভালপোৱা, আবেগবােৰ
চকুপানী হৈ সৰে ॥

সচাঁ প্ৰেমৰ চকুলো আছে
সচাঁ প্ৰেমে হৃদয় বিছাৰে ।

বাট চাই ৰ'ম
তুমি অহালৈ,
খবৰ দিবা
কেতিয়া আহিবা,
ৰৈ থাকিম বাচ ষ্টপেজত
ইতিত,  তোমাৰ  মই ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)