গাঁৱৰ ঘৰৰ মহাত্মা

Rinku Rajowar
0
চহৰত পোৱাখিনি
গাঁৱত নাপাৱা ।
গাওঁখনি আমাৰ
সচাঁকৈ আপোন ।
গাঁৱৰ সচাঁ জীৱন
সোণালীময় দিন ॥

গাঁৱে নিদিলে
চহৰে ক'ত পাব ?
ভৰালৰ ধান
সমাজৰ মান ।
বাৰীৰ লাও - কোমোৰা
শাক-পাত
কচু -জলকীয়া
পচলা-কলডিল
জিকা -ভোলৰ জেং,
বাৰিষা কালৰ
ভেন্দি - মৰিচাৰে
ভৰা বাৰীখনিয়ে
কেনেকৈ তৰায়
মানুহৰ জীৱন ।

চহা জীৱন
সৰল  মন ।
পুখুৰীত নাই যদি
মাছ পুঠি-
পথাৰৰ খালত
জাকৈকে বা ।
এসাজৰ হলেও
পাবি যা ।

যোগেনৰ জাল
পুখুৰীত পৰিলে
ৰৌ - ঔৰে
খাব পাৰিবি 
মাছৰ জোল ॥

যোগেন আৰু চেনিমাইৰ
অভাৱেই নাই ।
ভৰালৰ সিপাৰে
আদা - হালধিৰ বাৰী ।

পুখুৰীৰ পাৰত
নাৰিকলৰ শাৰী ।
ঘৰৰ উত্তৰে বাঁহ
দক্ষিণে চৰে হাঁহ ॥

শৰৎৰ জোনাকত
জিলিকে চালত
বগা কোমোৰাৰ জাক ॥

চেনিমাইৰ  পিৰালিত
কণ জলকীয়া,
ভূত জলকীয়াই
মোক খা
মোক খা 
কৰে ॥

চেনিমায়ে
দুপৰৰ
ভাত ঘুমতিত
শুনা পায়
অমিতা গছত
চৰাইৰ কোৰ্হাল ॥

বহাগে পেলোৱা
জেঠে গছকা
কেচা আম 
বৰমাকে কাটে ॥

বাৰীৰ কঠাল
লিচু আৰু জাম
নাখায় হেনো
পোনাকণ হঁতে,
সিহঁত কল্কি যুগৰতো 
মহিমা  বুজিৱ  ক'ত  ॥

কৰোঁ বুলিলে
গাৱঁৰ বাৰী 
কৰিব পাৰিবা 
উভৈনদী,
যদিহে হোৱা
কৰ্মযোগী ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)