আকাশ

©Admin
0
আকাশ তুমি বৰ ধুনীয়া
তোমাৰ ঘৰতে তৰাবোৰে
লুকাভাকু খেলে ৷
তৰাবোৰৰ মাক দেউতাক বাৰু কোন ?
বেলি আৰু জোন 
আকাশ তুমি মন গ'লে হোৱা
কেতিয়াবা ফৰকাল কেতিয়াবা আন্ধাৰ ৷
কেতিয়াবা তোমাৰ বুকু বাগৰি অহা
আমি পাওঁ পানী ৷

হে আকাশ তুমি মহান
তোমাৰ কৃপাৰে হয়
সেউজীয়া ধৰণী আমাৰ ৷

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক 
নুমলীগড় হাইস্কুল



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)