যদি পাৰা ঘূৰাই দিয়া?

©Admin
0
পাৰিবা তুমি ঘূৰাই দিবলৈ
মোৰ সঁচা ভাল-পোৱা,
পাৰিবা নে ঘূৰাই দিব?
যদি পাৰা ঘূৰাই দিয়া।

জানো তুমি ঘুৰাই দিব নোৱাৰা মোৰ মৰম
নালাগে ঘূৰাই দিব মোক
অতিতৰ ভাল-পোৱা বোৰ

মোৰ ঠুনুকা হৃদয় খন ভাঙি 
সুখী হ'বানে তুমি?
সুখী হ'ব খুজিছা যদি সুখী হোৱা তুমি।

পাৰিবা নে সুখী হ'ব?

মই ইমানো ধনী নহয় যে তোমাক কিনি ল'ব পাৰিম
কিন্তু ইমানো দুখীয়াও নহয় যে কাৰোবাৰ টকাৰ বলত বিক্ৰী হৈ যাম।

কৰিব পাৰা তুমি তোমাৰ সতীত্ব টকাৰ আগত বিক্ৰী,
মই নোৱাৰো আৰু নকৰো।

কিন্তু তুমি এদিন কান্দিবা 
মোৰ সঁচা মৰমক অপমান  কৰা তুমি তাৰ প্ৰতিফল পাবা।

ধনৰ সুখ আদৰি তুমি মোক দূভৰিৰ-দূৱৰি কৰিলা।

পাৰিবা জানো ঘূৰাই দিবলৈ মোৰ সঁচা মৰম বোৰ?
যদি পাৰা ঘূৰাই দিয়া।

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)