কাহ জাৰা মানুহ ওলাইছে

©Admin
0

 কাহৰ ডিঙি জাৰিলে
   কাটা কচু
   দীঘল হৈ যায় 
   ভিতৰৰ আলজিভা
   চুটি হয়  |

  দুবৰি বনেৰে
 দাতৰ শূল কাঢ়ে
 মানুহৰ ভোক নকমে  |

  এতিয়া
  ডিঙি জাৰা মানুহৰ
  ভীৰ বাঢ়িছে
 পাকৈততকৈও পাকৈত ওলাইছে
 আলজিভা কিন্তু বাঢ়িয়েই আছে 

 সোঁহাত বাঢ়িছে
  বাওঁহাত বাঢ়িছে
  মানুহৰ চিন্তা টুটি আহিছে  |

  মানুহ মানুহ হৈ
  থাকিব লাগে
 অতি মানুহ হলেই
 আহুকাল বাঢ়ে  |

  📝হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)