জলবন্দীৰ যন্ত্ৰণা

©Admin
0
জলবন্দীৰ যন্ত্ৰণা
আৰু কিমান সহিবা !!
কাল ৰূপ ধাৰণ কৰি
বোৱঁতী নৈ ভেটা ভাঁঙি
মুষলধাৰে আকৌ আহিছে প্লাৱন !!

শ শ জনতাৰ হৃদয়ত
মৰ্মান্তিক্ বেদনা
দুচকুত নিগৰিছে অশ্ৰু !!
জেঠৰ প্লাৱনত উটি গ'ল
আইৰ দুচকুৰ সপোন !!

গাৰ ঘাম মাটিত পেলাই
পিতাই কৰা খেতি দৰাত
এতিয়া বৈছে মুষলধাৰে 
জেঠৰ প্লাৱন !!

তথাপিটো শান্ত হোৱা নাই
অন্ধকাৰাচ্ছন্ন আকাশত
ওলমি আছে কলীয়া ডাৱৰ জাক !!
আইতাৰ সুখৰ ঘৰখনি
উটি গ'ল জেঠৰ বলিয়া বানত !!

হৃদয়ৰ বাঞ্ছা বোৰ 
জেঠৰ বলিয়া বানত
স্ৰোতস্বিনীৰ ভেটা ভাঙি
পলকতে কৰি দিয়ে চুৰমাৰ !!
জলবন্দীৰ যন্ত্ৰণা আৰু 
কিমান সহিবা !!
প্ৰকৃতিয়ে কাল-ৰূপ ধাৰণ কৰি
বছৰে বছৰে কৰে মাথোঁ বঞ্চনা !!!
          
   📝বিনিতা বৰা
       হোজাই জিলা
        লংকা কাকী-৩
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)