কৰোনা" আতংক আৰু আমি

©Admin
0
চৌদিশে আতংকিত  মোৰ দেশৰ মানুহ, 
আতংক  বিয়পিছে এতিয়া  বিশ্বৰ প্ৰান্তে প্ৰান্তে! 
"কৰোনা "আতংকই কপাইছে
মোৰ দেশৰ গাওঁ,চহৰ আৰু মহানগৰ! 
বিপৰ্যস্ত দেশত কম্পিত আমি জনগণ ।
'কৰোনা 'মহামাৰীৰ পৰা মুক্তি বিচাৰি আৰু আক্ৰান্তৰ উদ্ধাৰৰ বাবে নিৰলস প্ৰচেষ্টা চলিছে মহান যোদ্ধাসকলৰ।
আতংকিত আজি প্ৰবাসীসকল;
উচ্চ শিক্ষা, জীৱিকা ,উন্নত চিকিৎসা, জীৱনৰ সমল বিচাৰি যোৱাজনৰ আশা আকাংক্ষাৰ  যেন ছন্দপতন ঘটিল !
শেষ  আশ্রয়  আৰু নিৰাপত্তাৰ স্বাৰ্থত  সকলো ধাৱমান গৃহাভিমুখে ।
ফলশ্ৰুতিত সংক্ৰমিত 'কৰোনা'ই আজি প্ৰসাৰতা লভিলে  অঞ্চলে  অঞ্চলে । নিম্নগামী অৰ্থনীতিত ধৰাশায়ী  দেশত দৰিদ্ৰজনৰ সেৱাত আত্ম নিয়োগৰ সুযোগতে চলিছে ৰাজনীতিৰ নতুন সমীকৰণ !
এতিয়া বিনামূলীয়া চাউল,দাইলৰ মিছিলৰ সদস্য  অনেক! 
উহ্য  সুবিধাবাদীৰ প্ৰতিবাদী ভাষা! 
দুৰ্ভাগ্যজনকভাৱে 
শিথিল "লকডাউন " ৰ সুযোগতে  বৰ্দ্ধিত আজি আক্ৰান্তৰ সংখ্যা ।
আমিও কৰোনা মহামাৰীৰ সৈতে সহাৱস্থান কৰিবলৈ সক্ষম হম যদিহে, নীতিগতভাৱে সামাজিক দূৰত্ব 
আৰু সাবধানতা  মানি আগুৱাই যাওঁ।
কিন্তু ছবিয়ে  জানো  ফাঁকি দিয়ে? 
অবুজ জনতাক  কোনে দিব শিকনি? 
বাৰম্বাৰ সাৱধানবাণীৰ শ্ৰুতলিপিত  আশ্বস্ত নহৈ বিয়পালে  'কৰোনা'ৰ সংক্ৰমণ! 
সবিনয়ে কওঁ, এতিয়াও  সময় উকলি যোৱা নাই;  হে  মোৰ  প্ৰিয় জনগণ,
'কৰোনা 'মহামাৰী যুদ্ধৰ অক্লান্ত কৰ্মী,  সাহসী যুজাৰুসকলক সন্মান জনাবলৈ শিকা।
'তৰিলে দেশ,আপোনজনৰ সতে পাতিবা উছৱৰ মেলা; 
যদিহে জাগি শুৱা ,বাচি খোৱা  আৰু কৰোনা মহামাৰী ৰোধৰ যুদ্ধত  সমভাগী হোৱা  কিছু  সতৰ্কতা,  ধৈৰ্য,সাহস  আৰু  সুন্দৰ মনোভাৱেৰে! !
অন্যথাই অনুশোচনা কৰিবলৈও আমি সুযোগ নেপাম  আৰু  কোনোদিনেই! ! !

📝ৰীতামণি বৰদলৈ 
 (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)