ক'বলে অশ্লীল ..
তথাপিও ভাবি চাওঁকচোন ব্ৰেণ্ডেদ কাপোৰে ঢাকি থোৱা ...
টকাই মচি চাফাকৰা নিমজ মুখৰ
লেতেৰা আঠা ।।
যেতিয়া এজনী মহিলাই
কাপোৰ খুলি ধন ঘটে
তেতিয়া তাই বেশ্যা .....
মানুহবোৰৰ মুখে মুখে
খমখমীয়া নোটৰ পাতে পাতে
তাইৰ নাম লেখা হয় বেশ্যা ।।
বেশ্যা বেশ্যা বুলি নাক কোছাই কোছাই
মুখত ফুটি উঠে তাচ্ছিল্যৰ হাঁহি ....
আপুনি বাৰু ভাবিছেনে
বেশ্যাবোৰ নিজে নিজে সৃষ্টি
নে?
ভদ্ৰতাৰ মৌৰসত জুবুৰিয়াই থোৱা হাতৰ পৰসত
ফুলবোৰ বেশ্যাৰ পেছাদাৰি কুঁৱা হয় ....
আপুনি বাৰু ভাবিছেনে
ইজ্জতবোৰ কোনে কিনে,
বেশ্যাই নে গ্ৰাহকে ......?
ভাবি চাওঁক ...
আন্ধাৰ গলিৰ মাজেৰে গৈ
গ্ৰাহকে কিদৰে ইজ্জত বেছি আহে ।।
বেশ্যাৰ দেখোন এটাই ইজ্জত
কামজলৰ তৃষ্ণাত বিধস্ত ভদ্ৰৰ
উদং দেহত লাগি ধৰা লেকেটা আঠা ....
সিহঁতবোৰে কাপোৰ খুলি
দেহৰ উত্তেজনা বিকে
কামৰসৰ সোঁত বোৱাই ...
কিনি আনে সিহঁতে ভোক নিবাৰক বড়ি
নাইবা
শয্যাস্ত গৃহস্হীৰ আৰোগ্যতাৰ ৰেঙণী ॥॥
কিন্তু ...
কিন্তু এই দেহ কিনা হাতবোৰৰ পৰিচয়ে বা কি ??
সিহঁতে দেখোন দেহ কিনি ...
বিকি আহে পত্নীৰ সেন্দুৰী পথৰ বিশ্বাসৰ গলি ..
ঘৰৰ কুঁৱাত পিয়াহ নুগুচা শগুনৰ পালে
ঠোঁটবোৰ ধুই আহে
উলংগ নাৰীৰ নিসঙ্গ পাতিত ।।।
আন্ধাৰত দেখোন সিহঁতেই
উদং দেহৰ গুণ গায়
আৰু দিনত
দিনত সিহঁতে নাক কোছাই হাঁহি যায় ।।
সেয়েহে শুধিছো ..
দেহ বিকাবোৰ যদি বেশ্যা হয়
দেহ কিনাবোৰ বাৰু কি ???
✍দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ