মই অনুভৱ কৰিছিলো জীৱন মানে কি?
ৰচিছিলো তোমাৰ কাষত থাকি বহু আৱেগহীনতাৰ কবিতা।
তোমাক পোৱা-নোপোৱাৰ দোমোজাত মই
কঢ়িয়াই ফুৰিছিলো এবুকু দুখৰ বোজা।
এদিন দুদিন কৈ আমাৰ প্ৰেমে
গভীৰতাৰ নৈত সাতুৰিছিল।
কিন্তু পাৰ হ'বলৈ নাপালে আমাৰ প্ৰেমে গভীৰতাৰ সাগৰ খন।
মাজ সাগৰত অন্ত পৰিল আমাৰ যাত্ৰা।
গুছি গ'লা আঁতৰি মোৰ পৰা অচিন পক্ষীৰ লগত দূৰ-দিগন্তলৈ।
সময়ৰ স'তে খোজ মিলাই মাথো মই থমকি ৰ'লো
অকলশৰে সংগীবিহীন জীৱন পথত।
বঠা বিহীন এজন নাৱৰীয়া হৈ গভীৰ সাগৰৰ কোবাল ঢৌৰ মাজত।
📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ