মমতা

©Admin
0
টিক্ টিক্ কৈ ঘড়ীৰ কাঁটাই অবিৰহ শব্দ কৰি আছে । ঘড়ীয়ে মমতাৰ টোপনিক কটাক্ষ‍্য কৰিছে । আজি বুধবাৰ দৰমহা বৃদ্ধিৰ বাবে আজি বাগানত হৰতাল । দেৰিকৈ শুৱঁ বুলিও শুৱ নোৱাৰে মমতাৰ কাৰণ বাবুৰ বঙলাত ঝাৰু মাৰিব যাব আছে । লৰা লৰিকৈ উঠি পুত্ৰ সন্তোষৰ উঠাৰ আগতে বঙলাৰ পৰা কাম কৰি ওভতি আহিল। ৰাতিৰ ঠাণ্ডা ভাত গৰমাই সন্তোষক খাবলৈ দি  ইটো সিটো কৰাত
 ব‍্যস্ত । 
 "মা আৰু অলপ ভাত লাগে আছেনে?"-সন্তোষৰ চিঞৰ ।
"আধা সিজা হৈছে বেটা । যা স্কুল সোনকালে চুটি দিব নহয় আহি খাবি "মমতাই কৰুণ সুৰে উত্তৰ দিলে । 
        একমাত্ৰ পুত্ৰ সন্তোষক আধাপেটে স্কুল পঠোৱা পাছত মমতাৰ হিয়াভৰা কান্দোন । কেনেকৈ কব মমতাই জোলোঙাত বিচাৰিলেও যে খুদকন 
নোলায় । স্বামীৰ মৃত‍্যু পাছত মমতাই সন্তোষক পিতৃহাৰাৰ অলপো অনুভৱ হব দিয়া নাই । সন্তোষো বুজি পাই মমতাৰ আদৰ কৰে ,কথা শুনে । কিন্তু মমতাই আপ্ৰাণ চেষ্টা কৰিও সন্তোষৰ প্ৰয়োজনবোৰ পূৰাব পৰা নাই । পাৰিবনো কেনেকৈ বাগানৰ ১৩০ টকা হাজিৰা আৰু সপ্তাহিক ৩ কে.জি. চাউলেৰে জানো পৰ্যাপ্ত । ওৰে দিন বাগানত কাম কৰি সন্ধিয়া আৰু ৰাতিপুৱা এক ঘন্টাকৈ মমতাই বাবুৰ বঙলাত কাম কৰে যাতে সন্তোষৰ টিউচন ফিচ অলপ দিব পাৰে।
    চকুহাল মোহাৰি মমতাই স্থিতিলৈ আহিল । নাই বেটা আহিবৰ হব' কিবা এটা যোগাৰ কৰিব লাগিব। ৰতন দোকানৰ পৰাই চাউল অলপ বাকিলৈ আনো বুলি ওলাই গ'ল । 
:-"অ' দোকানী! দোকানী" -  দোকান পাই মমতাই গহীনাই মাত লগালে । 
 "অ' খুৰী ক‌ওকচোন"- ৰতনে মাত দিলে । 
"হেৰি মানে "(মমতাৰ অস্বস্তি চকুত জিলিকিছে)
"ক‌ওকচোন"।
"হেৰি মানে চাউল ২ কে.জি লাগিছিল, বাকিলে!"।
অহ! তাকে নকয় কিয় ?
     কথোপকথন চলি থকাৰ মাজতে ৰতনে চাউল জুখি আগবঢ়াই দিয়ে । ৰতন জানে মমতা দৰিদ্ৰ যদিও সৎ। বাকি যিকোনো প্ৰকাৰে পৰিশোধ কৰিব‌ই।
"বাকি কিমান হ'ল বাৰু?"- মমতাই শুধিলে।
"খুৰি ৬৫০ টকা মুঠ "- ৰতনৰ পোনপটিয়া উত্তৰ ।
"ইমান কেনেকৈ!"- মমতা আচৰিত হৈ
 কলে ।
"খুৰিদেও আপুনীও একদম পাহৰি থাকে" - ৰতনৰ উত্তৰ,- "সেইকাৰণে বাকি দিব মন নাযায় " ।
"হব দে" ! 
  মমতাৰ মনত আছে আগতে ৰতনে ৫৪০ বুলি কৈছিল আজি হ'ল ৬০  
মুঠ ৬০০ টকা । নিৰক্ষৰ হলেও মমতাই বুজি পাইছে। কিন্তু উপায় নাই অধিক তৰ্ক কৰিব‌ও নোৰাৰে কাৰণ বিপদ ক্ষণত কামত আহিছে । সন্তোষৰ পেট পুৰোৱাৰ অন‍্য যে কোনো বিকল্প হাতত নাই । শোষণ বুজিও যুঁজিব নোৱাৰে ।স্বামীহাৰা বুলি বহুতে ইতিকিং কৰে ,পৰ পূৰুষৰ বেয়া দৃষ্টিবোৰ আছেই। কিন্তু তাই সাহসী এইবোৰ আওকান কৰি সমাজত নিজৰ স্থিতি বৰ্তাই ৰাখিছে । তাই জানে সংগ্ৰামেই এই জীৱন সাৰ ।  এইবোৰ ভাবি ভাবি ঘৰ পালেগৈ ,  আজিলৈ বাৰু হৈছে কাইলৈ আকৌ বা কি? এ' যি হব দেখা যাব ।  সন্তোষ আহিবৰ হ'ল বুলি মমতা নীৰৱে পাকঘৰলৈ সোমাল ।
       
   📝নবীন চন্দ্ৰ কুৰ্মী 
     বৰপাম, চতিয়া
                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)