নুমলীগড়ৰ দেওপাহাৰ,খণ্ড -০২

©Admin
0

যিসকল লোক নুমলীগড় বাবাথানলৈ আহে প্ৰায় দেওপাহাৰৰ প্ৰাচীন ভগ্ন মন্দিৰ দৰ্শন কৰাৰ আগতে এপাহী গন্ধ পুষ্প অৰ্পণ কৰি যায় ৷ এই পৰম্পৰা অতিতৰে পৰা চলি আহিছে ৷ পাৰ্শ্ব্ৱ্তী অঞ্চলৰ প্ৰায়বোৰ বিদ্যালয়ৰ পৰা প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰী সকলে নুমলীগড়ৰ বাবাা থানলৈ আহাৰ লগতে দেওপাহাৰৰ প্ৰাচীন মন্দিৰত সেৱা জনোৱা পৰম্পৰা এতিয়াও চলি আছে ৷
নুমলীগড় চাহবাগিচা প্ৰতিষ্ঠা কৰিবলৈ অহা থমাছ গাৰ্ডথেই চাহাবৰ চকুত পৰাত দেওপাহাৰৰ শিলা ভাস্কৰ্য পোন প্ৰথমে পোহৰলৈ আহে ৷ কেইবাটাও দিশৰ পৰা দেওপাহাৰৰ স্থাপত্যশৈলীৰ ৰূপ অসমৰ ভিতৰত অদ্বিতীয় বুলি বিবেচিত হৈছে ৷ 
দেওপাহাৰৰ প্ৰাচীন মন্দিৰ ভাস্কৰ্য শিল্পীৰ ভিতৰত অন্যতম শিলত খোদিত উৰন্ত অন্সৰা , উৰন্ত গন্ধৰ্ব , বিষ্ণু মোহিনী ৰূপ , দ্বাৰপাল , শিৱৰ বিবিধ ভংগী,গণেশ,যম,সূৰ্য্য,শনিৰ মন্দিৰ,হাতীৰ ওপৰত দেৱদেৱীৰ নৃত্য আদি অন্যতম,প্ৰতিকৃতিসমূহৰ মুখাবয়ৱৰ অংগ ,প্ৰতংগ সমূহৰ স্পষ্ট আৰু জীৱন্ত পৰিস্ফুট ভংগীমা কাব্যিক ব্যঞ্জনাৰে ভাৰাক্ৰান্ত ৷

📝মহেন শইকীয়া 
প্ৰধান শিক্ষক
 নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)