প্ৰকৃতি

©Admin
0

বিশাল সৌৰজগতৰ
   মুকলি আকাশ
      জোন বেলি তৰাই দিয়ে
          ফৰকাল জোনাক ।

আসে পাসে সকলোতে
   বলি থাকে বতাহ
      বতাহতে ভিজী থাকে
         দেহ যুগমীয়া ।

পবত পাহাৰ আছে
   আমাৰ আসে পাসে
      সেউজীয়া চমক ইয়াৰ
         চকুৰ ভালে ৰাখে ।

নদীয়ে গৈ গৈ
    সাগৰত পৰে
       গভীৰতা সাগৰ পাই 
          উভতি নাহে ।

গছ লতা জীৱ জন্তুৰ
   প্ৰকৃতিৰে গঢ়া 
      ইটো ওপৰত সিটো নিভৰ 
          সকলোৱে সচাঁ ।

চিপ চিপ বৰষুণ
   মাজে মাজে আহে
      গছ লতা সকলোকে
         পৰিস্কাৰ কৰি তোলে ।

বায়ু পানী সকলো
   আমাৰ চিনাকি
      প্ৰকৃতিয়ে গঢ়া আমি
         এক মানৱ জাতি ।


📝শ্ৰীমতী ৰিমকি চুতীয়া
 ধেমাজি, চিচিবৰগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)