মই ধৰ্ষিতা

Rinku Rajowar
0
ফুতপাথত ধৰ্ষিত মই ....তথাপি
ভগা হিয়াৰ.. সামান্য কুচকাৱাজ জীয়াই থকাৰ।
নগ্ন মই অৱক্ষয়
জীয়া যন্ত্ৰণাৰ দ্বাৰা ধৰ্ষিত মই।
ঘাত-প্ৰতিঘাতৰ কঠোৰ মুহুৰ্তবোৰৰ মাজেৰেই
বননিৰ সৌ আলিটোৱেদি গৈ আছিলো
তেতিয়াই মই ধৰ্ষিত হলো।
বেদনাবোৰে  মোক হেঁচি ধৰিছিল
সহিব নোৱাৰা উত্তাপে নগ্ন কৰি পেলাইছিল
ব্যৰ্থতাৰ বিষন্নতা আৰু হতাশাৰ গ্লানিত ভাগৰিছিলো 
দুস্বপ্নৰ মৃত্যুৰ ঘন উশাহৰ লিপ্সাত 
ৰঙীণ চকুলো সৰিছিল।
দৰিদ্ৰতাৰ বাবেই চাগে 
আপদ আৰু প্ৰতাৰণাবোৰে
মোৰ অৱহেলিত জীৱনক ধৰ্ষণ কৰে।
ভগ্নপ্ৰায় নিনাদৰ কৰুণ বাস্তৱে 
কেতিয়াবা মোক প্ৰশ্ন কৰে, কিয় মই ধৰ্ষিত হলো?
কিয় মই আনৰ দৰে জীয়াই থাকিব নোৱাৰো?
স্বপ্নভগা ভৱিষ্যতে মোৰ মুখ হেঁচি ধৰে 
মোৰ প্ৰশ্নৰ উত্তৰত ওলোটাই কয়
তোমাৰ ওচৰত জীয়া শব্দৰ অভাৱ
বিষন্ন সান্নিধ্যত তুমি উদাসীন
....... অব্যক্ত বক্তব্যবোৰ সাঁচি ৰাখা
কাৰণ তুমি দৰিদ্ৰৰে গৰকা
এজনী দুৰ্ভাগ্য জীয়া যন্ত্ৰণাৰ ধৰ্ষিতা।

📝পংখী মৰাণ
ৱিমেন্জ কলেজ তিনিচুকীয়া
স্নাতক দ্বিতীয় ষান্মাষিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)