সুখৰ সংজ্ঞা বিচাৰি

Rinku Rajowar
0
জীৱনযাত্ৰাৰ এই মায়াৱী জালত
নিহিত হৈ থাকে ,
                    বহু সমীকৰণ !
                     বহু সংজ্ঞা !
  সম্ভৱ জানো ,এই বিশাল পৃথিৱীত
  সুখৰ সংজ্ঞা বিচাৰি পোৱাতো ?
  বৃহৎ বৃহৎ অট্টালিকাৰ বিলাসী চকীত বহি
  হাতত কফিৰ কাপ,
  বিখ্যাত পৰিয়ালত জন্ম লভি
  আৰামদায়ক জীৱনৰ বাট,
  কি এয়াই সুখ??????
  প্ৰিয়জনৰ হাতত হাত ধৰি
  তেওঁৰ জীৱনসংগীৰ ৰূপত
  নতুন জীৱনৰ আৰম্ভণি,
  নিজ সপোনৰ ত্যাগ কৰি
  মাক-দেউতাৰ আশা‌ পূৰণৰ প্ৰস্তুতি,
  কি এয়াই সুখ?????
  নিজ ‌সন্তান- সন্ততিৰ হকে
  মমতাময় হৃদয়ে
  নিশাৰ টোপনি পাহৰি যোৱা, 
  হাতত শূণ্য পাত্ৰ লৈ দুই-এটকা লাভ কৰি
  মগনীয়াৰ‌‌ জীৱন‌ কটোৱা,
  কি এয়াই সুখ????
  নিজ ভৰিত থিয় দি 
  আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দিয়া,
  আনৰ সুখত সুখী হৈয়েই
  নিজৰ জীৱন উপভোগ কৰা,
  কি এয়াই সুখ???
  কি এয়াই সুখ????


     ✍️স্বাতী জয়ছোৱাল
          নাহৰকটীয়া, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)