প্ৰলোভন

Rinku Rajowar
0
আচৰিত মই
কেনেকৈ হ'ব পাৰে মোৰ দ্বাৰা এনে কাণ্ড?
আজন্মৰ পৰাই বন্ধ
মোৰ হৃদয়ৰ প্ৰতিটো কোঠা।
যি মোৰ পৰিচিত
তন্ন-তন্ন।
এই হৃদয়ৰ বন্ধ কোঠালীত
আজি হঠাৎ উৎপত্তি হ'ল এক অবুজ শিহৰণৰ।
মই কোঠালীতোৰ পৰা
এটা চিঞ শুনিলো।
মই কাণ দিলত 
শুনা পালো এনেকৈ ....
"এয়াই তোমাৰ ভালপোৱা,
এয়াই তোমাৰ প্ৰণয়িনী।"
প্ৰেমৰ পৰশ মই পূৰ্বে পোৱা নাই
এনে ভাৱনাৰ মই কিঞ্চিতো জ্ঞাত নহওঁ।
মই তথাপি প্ৰলোভিত হ'লো
প্ৰেয়সীৰ আগমনত উৎফুলিত হ'লো।

📝কিৰণজয় চাওদাং
ডিব্ৰুগড়,নাহৰকটীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)